ডিজিটেল ডেস্ক: নিউজিলেণ্ডৰ বিদেশ মন্ত্রী উইনষ্টন পিটাৰ্ছে ভাৰতৰ সৈতে দেশখনৰ সদ্য ঘোষিত মুক্ত বাণিজ্যৰ চুক্তিখনক কঠোৰ সমালোচনা কৰিছে। নিউজিলেণ্ডৰ বিদেশ মন্ত্ৰীজনে ভাৰতৰ সৈতে এই মুক্ত বাণিজ্য চুক্তিখনক মুক্ত আৰু স্বচ্ছ নহয় বুলি মন্তব্য। কৰিছে।
তেওঁ সতর্ক কৰি দিয়ে যে তেওঁৰ দলে চুক্তিখন সংসদলৈ অনাৰ পূৰ্বে বিৰোধিতা কৰিব। মঙলবাৰে এটা বিবৃতিত মন্ত্রী উইনষ্টনে কয় যে বিশেষকৈ ডেইৰী খণ্ডৰ বাবে গুৰুত্বপূর্ণ ৱেলিংটনক এই চুক্তিৰ বাবে হোৱা প্ৰব্ৰজনে ঘাইকৈ প্ৰভাৱিত কৰিব।
ভাৰতীয় সামগ্ৰীসমূহৰ প্ৰতি নিউজিলেণ্ডে কৰা এই মুক্ত বাণিজ্যৰ চুক্তি কৰাৰ বাবে দেশখনৰ ডেইৰী প্ৰডাক্টসমূহৰ ৰপ্তানিত প্রতিকূল প্ৰভাৱ পৰিব বুলি মন্ত্ৰীজনে শংকা প্রকাশ কৰে। দেশখনৰ বিদেশ মন্ত্রীজনে কয় যে নিউজিলেণ্ডৰ মুখ্য ডেইৰী প্ৰডাক্ট- গাখীৰ, চীজ আৰু মাখনক বহির্ভূত কৰি ভাৰতৰে মুক্ত বাণিজ্য কৰিব লাগে। নিউজিলেণ্ডৰ শাসকীয় মিত্ৰজোঁটৰ অংশীদাৰ নেশ্যনেল পার্টিক এই বিষয়ত সকীয়াই দি কয় যে ভাৰতৰ সৈতে এনেধৰণৰ 'নিম্ন মান'ৰ মুক্ত বাণিজ্য চুক্তি কৰিব নালাগে।