আজিৰ পৰা নকআউট, বিশ্বকাপত গ্রুপ পর্যায়তে অভিলেখৰ বন্যা

dainik janambhumi June 28, 2026

ডিজিটেল ডেস্ক : ফিফা বিশ্বকাপৰ গ্ৰুপ পৰ্যায়ৰ খেল আজি পুৱা শেষ হয়। ইয়াৰ পাছত নিশাৰ পৰা আৰম্ভ হ'ব নকআউট পৰ্যায়ৰ খেলসমূহ। এইবাৰৰ বিশ্বকাপত গ্রুপ পর্যায়তে কেইবাটাও অভিলেখৰ সৃষ্টি হয়। আর্জেন্টিনাৰ লিয়'নেল মেছি আৰু পর্তুগালৰ ক্ৰিষ্টিয়ানো ৰ'নাল্ডোৱে একেৰাহে ষষ্ঠখন বিশ্বকাপত খেলাৰ অভিলেখ সৃষ্টি কৰে। ইয়াৰ পাছতে মেছিয়ে বিশ্বকাপত সর্বাধিক গ'ল দিয়াৰ অভিলেখ স্থাপন কৰে। ইয়াৰ লগতে বিশ্বকাপক প্ৰথমবাৰৰ বাবে খেলি ক্ষুদ্র দেশ কেপ ভার্দেই আন এক ইতিহাস ৰচনা কৰে। 

কেপ ভার্দেই বিশ্বকাপৰ গ্রুপ পর্যায়ত এখনো মেচত পৰাজিত নোহোৱাকৈ নকআউট পর্যায়ত উপনীত হয়। উল্লেখযোগ্য যে কেপ ভার্দেৰ মুঠ জনসংখ্যা প্রায় ৫.৫ লাখ। সেই হিচাপত বিশ্বকাপৰ নকআউট পর্যায়ত উপনীত হোৱা কেপ ভার্দে আটাইতকৈ ক্ষুদ্র দেশ। কেপ ভার্দেই বিশ্বকাপত চমকৰ সৃষ্টি কৰি স্পেইনৰ দৰে শক্তিশালী দলৰ বিৰুদ্ধে ড্র খেলে। 

ইফালে শুকুৰবাৰে ঘটা এটা বৃহৎ অঘটনত ফিফা ৰেংকিঙত ১৯ নম্বৰ স্থানত থকা দল উৰুগুৱেই এইবাৰৰ বিশ্বকাপৰ পৰা আগতীয়াকৈ প্রস্থান কৰে। তাৎপৰ্যপূৰ্ণ দিশটো হ'ল এইবাৰৰ বিশ্বকাপৰ গ্ৰুপ পর্যায়ত উৰুগুৱেৰ দৰে প্ৰাক্তন চেম্পিয়ন দলে এখনো মেচত জয়ী হ'ব নোৱাৰাটো। উৰুগুৱে ১৯৩০ আৰু ১৯৫০ চনৰ বিশ্ব চেম্পিয়ন দল আছিল। ইফালে গ্রুপ পর্যায়ত ঘটা আন এটা অঘটনত ইউৰোপৰ অন্যতম শক্তিশালী দল তথা পূৰ্বৰ চাৰিবাৰৰ চেম্পিয়ন দল জার্মানি ইকুৱেডৰৰ হাতত ২-১ গ'লৰ ব্যৱধানত পৰাজিত হয়। ইকুৱেডৰৰ এই সাফল্যৰ পাছত কালি দেশখনত ৰাষ্ট্ৰীয় বন্ধও ঘোষণা কৰা হয়। 

ইফালে শুকুৰবাৰে ফ্ৰান্সৰ ওছমান ডেম্বেলেই বিশ্বকাপৰ ইতিহাসত দ্বিতীয় আটাইতকৈ দ্রুততম হেটত্রিক কৰে। নৰৱেৰ বিৰুদ্ধে মেচখনত তেওঁৰ হেটত্ৰিকৰ বলত ফ্রান্স ৪-১ গ'লৰ ব্যৱধানত জয়ী হয়। ডেম্বেলেই খেলৰ ৪ মিনিটত প্ৰথমটো গ'ল দিয়ে। ইয়াৰ পাছত ২০ আৰু ৩২ মিনিটত আন দুটা গ'ল দি হেটত্রিক অর্জন কৰে। বিশ্বকাপত হেটত্রিক কৰা তেওঁ ফ্ৰান্সৰ তৃতীয়জন খেলুৱৈ। ইফালে অভিলেখসংখ্যক ৪৮টা দলে অংশগ্ৰহণ কৰা এইবাৰৰ বিশ্বকাপত প্রথম ৫৯খন মেচতে সৰ্বাধিক গ'লৰ অভিলেখৰ সৃষ্টি হয়। 

বিশ্বকাপৰ গ্ৰুপ পৰ্যায়ৰ খেল শেষ হোৱাৰ আগতেই ১৭৭টা গ'ল দিয়া হৈছে। খেলৰ ৫৯ সংখ্যক মেচত আমেৰিকাৰ ডিফেণ্ডাৰ আষ্টন ট্রাষ্টীয়ে তুৰস্কৰ বিৰুদ্ধে মেচখনত এইবাৰৰ প্ৰতিযোগিতাৰ ১৭৩সংখ্যক গ'লটো দিয়ে। চাৰি বছৰৰ আগতে কাটাৰত অনুষ্ঠিক বিশ্বকাপত ৬৪খন মেচতহে ১৭৩টা গ'ল দিয়া হৈছিল। এই ১৭৭টা গ'লৰ ভিতৰত সৰ্বাধিক গ'ল হ'ল মেছিৰ। তেওঁ প্রথম দুখন মেচতে হেটত্রিকসহ পাঁচটা গ'ল দিয়ে। তেওঁৰ পাছতে আছে ফ্ৰান্সৰ কিলিয়ান এমবাপে, নৰৱেৰ আৰ্লিং হালাণ্ড, ব্রাজিলৰ ভিনিছিয়াছ জুনিয়ৰ। তেওঁলোকৰ কেউজনে চাৰিটাকৈ গ'ল দিছে। 

ইফালে সর্বাধিক গ'ল দিয়া দলৰ ক্ষেত্ৰত সকলোৰে আগত আছে জার্মানি আৰু নেদাৰলেণ্ড। দুয়োটা দলে এতিয়ালৈকে প্রতিযোগিতাত মুঠ ১০টাকৈ গ'ল দিছে। আনহাতে, আয়োজক আমেৰিকা আৰু কানাডাই ৮টাকৈ গ'ল দিয়ে। ইফালে গ'লৰ ক্ষেত্ৰতে নহয়, এইবাৰৰ বিশ্বকাপত দৰ্শকৰ সংখ্যায়ো অভিলেখৰ সৃষ্টি কৰে। এইবাৰৰ বিশ্বকাপত এতিয়ালৈকে ৩৪ লাখ ৫ হাজাৰতকৈ অধিক দর্শকে খেল উপভোগ কৰে ষ্টেডিয়ামত। ই বিশ্বকাপৰ সৰ্বকালৰ অভিলেখ।

Share This