ডিজিটেল ডেস্ক : লখিমপুৰ জিলাৰ নাওবৈচা সমষ্টিৰ অন্তৰ্গত সকলো দিশতে পিছপৰা ঘুণাসুঁতি গাঁও পঞ্চায়তৰ নামনি অঞ্চল, বালিভেটা মিচিং গাঁও, বালিভেটা কলিতা গাঁও, বালিভেটা চুতীয়া গাঁও, মাধৱপুৰ, উজানতলি, টেঙাজান, গোদাবৰী টোপ, ২নং নাহৰণি, কলিয়নি কল্যাণপুৰ, ১নং নাহৰণি, ১নং নাহৰণি মিচিং গাঁও, উৰিয়ামতলা, মাহৰা বৰচাপৰি, বান্দৰ কটা, কৃষ্ণপুৰ আদি কেইবাখনো সৰু-বৰ গাঁৱৰ ৰাইজৰ বাসভূমি নামনি ঘুণাসুঁতি অঞ্চলত সোৱণশিৰিৰ প্ৰবল গৰাখনীয়াই এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে। লখিমপুৰ জিলাখনৰ ভিতৰতে প্ৰতিবছৰে হৈ অহা বান আৰু গৰাখহনীয়াত আক্রান্ত পিছপৰা অঞ্চলৰ ৰাইজক ১৯৯৭ চনৰ পৰা আৰম্ভ হোৱা সোৱণশিৰি নদীৰ গৰাখহনীয়াই উক্ত গাঁওসমূহ সম্পূৰ্ণৰূপে খহাই লৈ যায়। শ শ মানুহৰ বাসভূমি, কৃষি ভূমি, চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্রতিষ্ঠান নদীৰ বুকুত জাহ গ'ল। উক্ত গৰাখহনীয়াত ক্ষতিগ্রস্ত ৰাইজৰ ৩০ শতাংশ ৰাইজে সংস্থাপন পালে আৰু বাকী ৭০ শতাংশ ৰাইজে আজিও সংস্থাপন নাপালে।
শেহতীয়াভাৱে পুনৰ উক্ত অঞ্চলটোত সোৱণশিৰি নদীৰ গৰাখহনীয়াই তীব্ৰ ৰূপ লৈছে। যাৰ ফলত পুনৰ ১৫/১৬খন গাঁৱৰ ৰাইজলৈ ভাবুকি নামি আহিছে। এইক্ষেত্রত বিশেষকৈ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ পৰা উক্ত অঞ্চলটো ৰক্ষণাবেক্ষণ দিবৰ বাবে ৩খন আঁচনি ক্রমান্বয়ে কলিয়নী, নাহৰনি আৰু বালিভেটাত গ্রহণ কৰিছিল। কিন্তু আজিলৈ ২ বছৰ অতিক্ৰম কৰাৰ পাছতো আঁচনিৰ কাম ৩০ শতাংশ সম্পূৰ্ণ কৰিব নোৱাৰিলে। নামনি সোৱণশিৰি জল বিদ্যুৎ প্ৰকল্পৰ (NHPC) কামৰ দায়িত্বপ্রাপ্ত ঠিকাদাৰ হাইদৰ আলী আৰু বিনোদ পেণ্ডক ৰাইজে বাৰম্বাৰ কাম সম্পূৰ্ণ কৰিবলৈ জনোৱাৰ পাছতো কাম সম্পূৰ্ণ কৰা দেখা নগ'ল। যাৰ কাৰণে অঞ্চলটোলৈ অন্ধকাৰ ভৱিষ্যৎ নামি আহিছে।
উক্ত দুর্নীতিকাৰী ঠিকাদাৰ হাইদৰ আলী আৰু বিনোদ পেণ্ডৰ (Work Order) কামৰ দায়িত্ব বাতিল কৰি পুনৰ নতুন ঠিকাদাৰক কামৰ দায়িত্ব দি গোদাবৰী টোপত (বালিভেটা), জৰুৰীকালীনভাৱে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰিব লাগে। লগতে নির্মীয়মাণ ঘণাসুঁতি দলঙৰ পৰা বান্দৰকটালৈ ৫ মিটাৰ উচ্চতাৰ এটা জিঅ'বেগসহ শক্তিশালী বান্ধ নির্মাণ কৰি অঞ্চলটোৰ ৰাইজক বানপানী আৰু গৰাখহনীয়াৰ কবলৰ পৰা সুৰক্ষা কৰাৰ ব্যৱস্থা কৰাৰ দাবী জনাইছে।