কোহলীৰ ৭৭ ৰান, ৰোহিত ব্যর্থ

dainik janambhumi December 27, 2025

ডিজিটেল ডেস্ক : ভাৰতৰ দুই তাৰকা বিৰাট কোহলী আৰু ৰোহিত শর্মাই বিজয় হাজাৰে ট্রফী ক্রিকেটত কালি মিশ্রিত ফল লাভ কৰিছে। সেই অনুসৰি মুম্বাইৰ হৈ খেলা ৰোহিতে উত্তৰাখণ্ডৰ বিৰুদ্ধে কোনো ৰান কৰিব নোৱাৰিলে। আনহাতে, গুজৰাটৰ বিৰুদ্ধে দিল্লীৰ হৈ কোহলীয়ে ৬১টা বলত খৰতকীয়াকৈ ৭৭ ৰানৰ আকৰ্ষণীয় ইনিংছ খেলে। 

দুই তাৰকা বেটাৰ ৰোহিত আৰু কোহলীয়ে বিজয় হাজাৰে টুফীত দুর্দান্ত প্রত্যাৱৰ্তন ঘটাই ছিল। ৰোহিতে ছিকিমৰ বিৰুদ্ধে ২৪ ডিচেম্বৰৰ খেলখনত ৯৪টা বল খেলি ১৮টা চাৰি আৰু ৯টা ছয়েৰে অবিজিত ১৫৫ ৰানৰ ইনিংছ খেলিছিল। ইয়াৰ বিপৰীতে অন্ধ্র প্রদেশৰ বিৰুদ্ধে দিল্লীৰ খেলখনত কোহলীয়ে ১০১টা বলত ১৪টা চাৰি আৰু তিনিটা ছয়েৰে ১৩১ ৰান কৰিছিল। কালিৰ খেলখনত প্লেয়াৰ অব্ দ্য মেচ কোহলীৰ ৭৭ আৰু ঋষভ পণ্টৰ ৭০ ৰানৰ সহায়ত মুম্বায়ে ৯ উইকেটত ২৫৪ ৰান কৰে। 

প্ৰত্যুত্তৰত গুজৰাটে ৪৭.৪ অ'ভাৰত ২৪৭ ৰানত কেউটা উইকেট হৰুৱায়। আনহাতে, ৰোহিত ব্যর্থ হ'লেও মুম্বায়ে গ্রুপ 'চি'ৰ খেলখনত উত্তৰাখণ্ডক ৫১ ৰানত পৰাস্ত কৰে। প্রথমে বেট ধৰি মুম্বায়ে ৭টা উইকেট হেৰুৱায় ৩৩১ ৰান কৰে। প্ৰত্যুত্তৰত উত্তৰাখণ্ডে ৯ উইকেটত ২৮০ ৰানহে কৰে।

Share This