আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা বিদায়ৰ ইংগিত দি গ'ল কোহলীয়ে

dainik janambhumi October 24, 2025

ডিজিটেল ডেস্ক : ভাৰতীয় ক্ৰিকেটৰ ইতিহাসত ভালেমান স্মৰণীয় মুহূর্ত আছে। ইয়াৰে কিছুমান অতি সুখৰ আৰু কিছুমান দুখজনক, কিন্তু কালি এডিলেইডত খন্তেক সময়ৰ বাবে সৃষ্টি হোৱা দৃশ্য পূর্বতে বোধহয় দেখিবলৈ পোৱা নগৈছিল। এই দৃশ্য বোধহয় আটাইতকৈ বিষণ্ণতা তথা উদাস আছিল। সেয়া আছিল ভাৰতীয় ক্ৰিকেটৰ আন এগৰাকী তাৰকাৰ এটা অধ্যায়ৰ অন্ত পৰাৰ ইংগিত। নিজৰ অন্যতম আটাইতকৈ পচন্দৰ ক্ৰিকেট গ্রাউণ্ড এডিলেইড অভেলত কালি ব্যর্থ হয় বিৰাট কোহলী। একেৰাহে দ্বিতীয়খন মেচত তেওঁ এটাও ৰান নকৰাকৈ পেভেলিয়নলৈ ওভতে। সেই সময়ত তেওঁ ষ্টেডিয়ামত থকা দর্শকসকললৈ চাই এক উদাসেৰে ভৰা হাঁহি মাৰে আৰু হাত জোকাৰে- এক মৌন, আবেগেৰে ভৰা বিদায়ৰ দৰে। 

একেৰাহে দুখন মেচত শূন্যতে আউট হোৱাৰ পাছত কোহলী পেভিলিয়নলৈ উভতি যোৱাৰ সময়ত তেওঁৰ মুখত নাছিল ক্ষোভৰ চিন, নাছিল হতাশাৰ চিন, আছিল মাত্র এক গভীৰ নীৰৱতা। এয়া যেন এক অন্তৰ আৰম্ভণি। অষ্ট্ৰেলিয়াত নিজৰ আটাইতকৈ পচন্দৰ ষ্টেডিয়ামখন এইবাৰ তেওঁৰ বাবে যেন এক মৌন সাক্ষী হৈ ৰ'ল। তেওঁ উভতি যোৱাৰ সময়ত বজা হাত চাপৰিত নিহিত হৈ আছিল সন্মান আৰু বিদায়ৰ বেদনা। সেই সময়ত তেওঁৰ অন্তৰো যেন শান্ত হৈ আছিল। কোহলীক দেখি এনেকুৱা লাগিছল যেন তেওঁ ক্রিকেট অনুৰাগীসকলক জনাবলৈ বিচাৰিছিল-'বিদায়! আৰু হয়তো ইয়াত আপোনালোকক দেখা নাপাম।' উল্লেখযোগ্য যে বিৰাট কোহলীৰ বাবে হয়তো এইখনেই অন্তিম আন্তঃৰাষ্ট্ৰীয় শৃংখলা। তেওঁ ইতিমধ্যে টেষ্ট আৰু টি-২০ৰ পৰা বিদায় লৈছে। বাকী আছিল এদিনীয়া। দীর্ঘদিনৰ বিৰতিৰ পাছত প্ৰত্যাৱৰ্তন কৰা শৃংখলাটোত ব্যর্থ হোৱাৰ পাছত এতিয়া এদিনীয়াৰ পৰাও তেওঁৰ বিদায় সমাগত হৈ পৰিল। 

উল্লেখযোগ্য যে এডিলেইডত কোহলীয়ে কেইবাটাও স্মৰণীয় ইনিংছ খেলে। ইয়াৰ লগতে ইয়াত সৰ্বাধিক ৰান সংগ্ৰহ কৰা বিদেশী বেটাৰৰ তালিকাতো তেওঁ প্রথম স্থানত আছে। কোহলীয়ে এডিলেইডত ৯৭৫ ৰান সংগ্ৰহ কৰে। প্ৰথমবাৰৰ বাবে তেওঁ একেৰাহে দুখন মেচত শূন্যত আউট হয়। আৰু সেয়েহে তেওঁ পেভিলিয়নলৈ উভতি যোৱাৰ সময়ত দর্শকক হাত জোকাৰি অভিবাদন জনাইছিল-ইংগিত আছিল বোধহয় এয়া আউট নহয়, এটা যুগ অন্ত পৰাৰ ইংগিত।

Share This