ডিজিটেল ডেস্ক : আই পি এলৰ লীগ পৰ্যায়ৰ অন্তিমখন মেচত বিৰাট কোহলীয়ে তিনিটা ৰেকৰ্ড প্রতিষ্ঠা কৰে। ইয়াৰ লগতে মঙলবাৰে কোহলীৰ দল ৰয়েল চেলেঞ্জার্হ ঐশ্বর্যশালী বেংগালুৰুৱেও প্রতিযেগিতাখনত ইতিহাস গড়ে। আই পি এলৰ ইতিহাসত সর্বাধিক অর্ধ-শতক অৰ্জনৰ অভিলেখ গঢ়িবলৈ সক্ষম হয় কোহলীয়ে। লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বিৰুদ্ধে তেওঁ ৩০টা বলত ৫৪ ৰানৰ ইনিংছ খেলে। তেওঁ ২৭টা বলত অর্ধ শতৰান পূৰ কৰে। কোহলীয়ে তেনেদৰেই আই পি এলত ৬৩টা অর্ধ শতক অৰ্জন কৰে। আই পি এলত ইমান অর্ধ-শতকীয় ইনিংছ খেলিব পৰা নাই আন কোনো ক্রিকেটাৰে।
এই তালিকাত দ্বিতীয় স্থানত আছে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অ'পেনাৰ ডেভিদ ৱাৰ্নাৰ। আই পি এলত তেওঁৰ অর্ধ-শতৰানৰ সংখ্যা হ'ল ৬২টা। মঙলবাৰে তেওঁক অতিক্রম কৰে কোহলীয়ে। লক্ষ্ণৌৰ বিৰুদ্ধে ৫৪ ৰান গোটাই এইবাৰৰ আই পি এলত কোহলীৰ মুঠ ৰানৰ সংখ্যা হৈছেগৈ ৬০২ ৰান। আই পি এলৰ এটা ছিজনত পঞ্চমবাৰলৈ ৬০০ বা তাতকৈ অধিক ৰান সংগ্ৰহ কৰিলে কোহলীয়ে। এই কৃতিত্ব অর্জন কৰা তেওঁ প্রথম বেটছমেন। ইয়াৰ পূৰ্বে তেওঁ ২০১৩, ২০১৬, ২০২৩ আৰু ২০২৪ চনত আই পি এলত ৬০০-ৰো অধিক ৰান সংগ্ৰহ কৰিছিল। এই তালিকাত দ্বিতীয় স্থানত আছে লোকেশ ৰাহুল।
তেওঁ ২০১৮, ২০২০, ২০২১ আৰু ২০২২ চনত ৪বাৰ ৬০০ বা ততোধিক ৰান গোটাইছিল। যুটীয়াকৈ তৃতীয় স্থানত আছে ৱাৰ্নাৰ আৰু ক্ৰিছ গেইল। উভয়ে তিনিবাৰ এই কৃতিত্ব অর্জন কৰিছিল। মঙলবাৰৰ খেলখনত কোহলীয়ে বেংগালুৰৰ হৈ ৯০০০ ৰানৰ মাইলৰ খুঁটিতো উপনীত হয়। তেওঁ এটা নির্দিষ্ট টি-২০ দলৰ জাৰ্ছীৰে ৯০০০ ৰান সংগ্ৰহ কৰা প্রথমগৰাকী ক্রিকেটাৰতো পৰিণত হয়। মঙলবাৰৰ খেলখনৰ অন্তত বেংগালুৰুৰ জাৰ্ছী পিন্ধি তেওঁ মুঠ ৯০০৪ ৰান গোটাইছে। ইয়াৰে আই পি এলত তেওঁৰ নামত আছে ৮৫৭৯ ৰান। বাকী ৰানখিনি তেওঁ অধুনালুপ্ত চেম্পিয়নছ লীগ টি-২০ত কৰিছিল। মঙলবাৰৰ খেলখনত বেংগালুৰুৱেও ৰচনা কৰিলে এটা অভিলেখ। আই পি এলৰ ইতিহাসত এটা ছিজনত সকলো এৱে মেচত জয়ৰ ৰেকৰ্ড প্রতিষ্ঠা কৰে কোহলীৰ দল বেংগালুৰুৱে। এইবাৰ ৭খন এৱে মেচত জয়ী হৈছে বেংগালুৰু। এই অভিলেখ আন কোনো দলৰ নাই। আই পি এলত তেওঁৰ নামত আছে ৮টা শতৰান আৰু ৬৩টা অর্ধ-শতক। তেওঁৰ শ্ৰেষ্ঠ ইনিংছ হ'ল ১১৩ ৰান।