বিধানসভা নিৰ্বাচনত অতি কমেও ১০টা সমষ্টিত হিন্দু বাঙালীক প্ৰাৰ্থিত্ব প্ৰদানৰ দাবী সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেশ্যনৰ

Rashmi February 06, 2026

ডিজিটেল ডেস্ক: সমাগত বিধানসভা নিৰ্বাচনত অতি কমেও দহটা বিধানসভা সমষ্টিত হিন্দু বঙালীক প্ৰাৰ্থিত্ব প্ৰদানৰ দাবী জনাইছে সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেশ্যনে৷ অন্যথা নিজাববীয়া প্ৰাৰ্থী থিয় কৰাৰ হুংকাৰ ফেডাৰেশ্যনৰ৷

কোকৰাঝাৰত আয়োজিত এখন সংবাদমেলত সদৌ বাঙালী যুৱ-ছাত্ৰ ফেডাৰেশ্যনৰ সভাপতি সম্ৰাট ভাৱাল আৰু সাধাৰণ সম্পাদক বাবলু সৰকাৰে শাসকীয় বিজেপি দলক আক্ৰমণৰ লক্ষ্য কৰি লৈ কয় যে অসমৰ সাম্প্ৰতিক পৰিস্থিতিত হিন্দু বাঙালী সমাজ এক গভীৰ জাতীয় সংকটত পৰিছে ৷

অসমত কেইবালাখ হিন্দু বঙালী ভোটাৰ থকা সত্ত্বেও সেই অনুপাতে ৰাজনৈতিক ক্ষেত্ৰখনত হিন্দু বাঙালীৰ উপস্থিতি প্ৰায় শূন্য বুলি তীব্ৰ আক্ষেপ প্ৰকাশ কৰে৷

বহু বছৰ ধৰি অসমৰ ৰাজনৈতিক, প্ৰশাসনিক আৰু উন্নয়নৰ ক্ষেত্ৰত বঞ্চিত হৈ আহিছে। মাথোঁ ন্যায্য অধিকাৰ আৰু সমান ৰাজনৈতিক
প্ৰতিনিধিত্ব বিচাৰোঁ ৷ এয়া এখন গণতান্ত্ৰিক দেশৰ নাগৰিকৰ মৌলিক অধিকাৰ ৷ বিশেষকৈ ব্ৰহ্মপুত্ৰ উপত্যকাত এজনো হিন্দু বাঙালী মন্ত্ৰী নিযুক্ত নোহোৱাটো কেৱল দুৰ্ভাগ্যজনকেই নহয় ৷ ই বৈষম্যৰ স্পষ্ট প্ৰতিফলন বুলিও অভিহিত কৰিছে ছাত্ৰ নেতাদ্বয়ে৷

সংবাদমেলখনত ছাত্ৰ নেতাদ্বয়ে আৰু কয় যে অসমৰ আগন্তুক নিৰ্বাচনত কংগ্ৰেছ দলে ব্ৰহ্মপুত্ৰ উপত্যকাত পাঁচগৰাকী হিন্দু বাঙালী প্ৰাৰ্থীক টিকট প্ৰদান কৰিব বুলি শুনিবলৈ পাইছোঁ ৷ তেনেক্ষেত্ৰত বিজেপি দলে কিমানজন হিন্দু বাঙালী প্ৰাৰ্থীক সুযোগ প্ৰদান কৰিব বুলি প্ৰশ্নৰ অৱতাৰণা কৰি সমাগত অসম বিধানসভাৰ নিৰ্বাচনত অতি কমেও ৰাজ্যৰ দহটা বিধানসভা সমষ্টিত হিন্দু বাঙালী প্ৰাৰ্থীক টিকট প্ৰদান কৰিব লাগিব বুলি দাবী জনাইছে ৷

যদি ফেব্ৰুৱাৰী মাহৰ ভিতৰত শাসকীয় বিজেপি চৰকাৰে স্থিতি স্পষ্ট নকৰে তেন্তে সদৌ বাঙালী যুৱ- ছাত্ৰ ফেডাৰেশ্যনৰ উদ্যোগত বাঙালী অধ্যুষিত অঞ্চলত নিজস্ব প্ৰাৰ্থী মনোনীত কৰি নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ বাধ্য হ’ব বুলিও সকীয়াই দিছে বাঙালী যুৱ ফেডাৰেশ্যনৰ নেতাদ্বয়ে৷





প্ৰাগ নিউজ ডিজিটেল

Share This