কলকাতা নাইট ৰাইডাৰ্ছৰ দ্বিতীয় পৰাজয়

dainik janambhumi April 03, 2026

ডিজিটেল ডেস্ক : কলকাতা নাইট ৰাইডাৰ্ছে চলিত আই পি এলত দ্বিতীয়টো পৰাজয়ৰ সন্মুখীন হোৱাৰ বিপৰীতে ছানৰাইজাৰ্ছ হায়দৰাবাদে প্রথম জয়ৰ সোৱাদ লাভ কৰিছে। হেইনৰিখ ক্লাছেনৰ যুঁজাৰু অর্ধশতৰানৰ সহায়ত ছানৰাইজাৰ্ছ হায়দৰাবাদে কালিৰ খেলত কলকাতা নাইট ৰাইডাৰ্ছক ৬৫ ৰানত পৰাজিত কৰে। প্রথমে বেট ধৰি হায়দৰাবাদে ৮ উইকেটত ২২৬ ৰান কৰে। প্ৰত্যুত্তৰত কলকাতাই ১৬ অভাৰত ১৬১ ৰানত কেউটা উইকেট হেৰুৱায়। দলৰ হৈ অংগকৃষ ৰঘুবংশীয়ে সর্বাধিক ৫২, ৰিংকু সিঙে ৩৫ আৰু ফিন এলেনে ২৮ ৰানৰ বৰঙনি যোগায়। 

হায়দৰাবাদৰ হৈ জয়দেৱ উনাদকাটে ২১ ৰানত সর্বাধিক ৩টা, নীতিশ কুমাৰ ৰেড্ডী আৰু ঈশ্বান মালিংগাই দুটাকৈ উইকেট দখল কৰে। ইয়াৰ আগেয়ে কলকাতা নাইট ৰাইডাৰ্ছৰ ব্লেছিং মুজাৰাবানীয়ে ৪টা উইকেট দখল কৰা সত্ত্বেও হেইনৰিখ ক্লাছেনৰ যুঁজাৰু অর্ধশতকৰ সহায়ত ছানৰাইজাৰ্ছ হায়দৰাবাদে মূৰকত আঠ উইকেটত ২২৬ ৰানৰ প্ৰত্যাহ্বানমূলক স্ক'ৰ থিয় কৰিবলৈ সক্ষম হয়। 

ট্রেভিছ হেড (৪৬) আৰু অভিষেক শর্মাই (৪৮) অ'পেনিঙৰ যুটিত ৩৪টা বলত ৮২ ৰানৰ যুটি বান্ধি হায়দৰাবাদৰ বাবে দৃঢ়তাপূর্ণ আৰম্ভণি কৰে। শেষৰফালে ক্লাছেন (৫২) আৰু নীতিশ কুমাৰ ৰেড্ডীয়ে (৩৯) দলীয় স্ক'ৰ ২০০ ৰানৰ সীমা পাৰ কৰোৱাত আগভাগ লয়। কলকাতাৰ হৈ মুজাৰাবানীয়ে ৪১ ৰানত সৰ্বাধিক ৪টা, বৈভৱ আৰোৰাই দুটা, কার্তিক ত্যাগী আৰু অনুকূল ৰয়ে পায় ১টাকৈ উইকেট।

Share This