ডিজিটেল ডেস্ক: লক্ষ্ণৌ ছুপাৰ জায়েন্টছক কালি আই পি এলৰ এখন খেলত ছুপাৰ অ'ভাৰত পৰাজিত কৰে কলকাতা নাইট ৰাইডাৰ্ছে। জয়ৰ বাবে ১৫৬ ৰানৰ পিছ লোৱা লক্ষ্ণৌ ছুপাৰ জায়েন্টছ বেটিং বিপর্যয়ৰ সন্মুখীন হয়।
মূৰকত লক্ষ্ণৌৱে ৮ উইকেটত ১৫৫ ৰান কৰাত মেচখন টাই হয়। মহম্মদ ছামীয়ে কার্তিক ত্যাগীৰ অন্তিমটো বলত ছয় কোবোৱাত খেল ড্র হয়। ছুপাৰ অ'ভাৰত সুনীল নাৰিনে মাথোঁ ১ ৰানত দুটা উইকেট দখল কৰাত কলকাতা নাইট ৰাইডার্হে সহজ জয়ৰ লক্ষ্য লাভ কৰে। ৰিংকুৱে প্ৰথমটো বলতে চাৰি কোবাই প্রতিযোগিতাখনত কলকাতালৈ দ্বিতীয়টো জয় কঢ়িয়াই আনে। লক্ষ্ণৌৱে তাৰ আগেয়ে অধিনায়ক ঋষভ পণ্টৰ ৪২ আৰু এইডেন মাৰ্কৰামৰ ৩১ ৰানেৰে ৮ উইকেটত কৰিছিল ১৫৫ ৰান। ইয়াৰ আগেয়ে মহছিন খানৰ (৫-২৩) বিধ্বংসী বলিঙত তিষ্ঠিব নোৱাৰা কলকাতা নাইট ৰাইডাৰ্ছে ৭ উইকেটত ১৫৫ ৰানহে কৰে।
এটা সময়ত ৯৩ ৰানত ৭টা উইকেট হেৰুৱাই শ'লঠেকত পৰা কলকাতাক উদ্ধাৰ কৰে ৰিংকুৱে। ৰিংকুৰ ৫১টা বলত ৭টা চাৰি আৰু ৫টা ছয় সম্বলিত আকর্ষণীয় তথা অবিজিত ৮৩ ৰানেৰে কলকাতাই মূৰকত ১৫০ ৰানৰ সীমা অতিক্রম কৰিবলৈ সক্ষম হয়। দলৰ আন বেটাৰৰ ভিতৰত কেমেৰুন গ্রীনে (৩৪) দুটা অংকৰ ৰান যোগায়।