ডিজিটেল ডেস্ক : তিনিমাহ পূর্বে জেন জিৰ প্রতিবাদৰ ওচৰত সেও মানি ক্ষমতাচ্যুত হোৱা নেপালন প্রাক্তন প্রধানমন্ত্রী কে পি শর্মা অলিৰ দলটোৱে শনিবাৰে দেশখনত এটা বিশাল জনসমাৱেশৰ আয়োজন কৰে। হিমালয়ান দেশখনত ক্ষমতাচ্যুত হোৱাৰ পাছত প্রথমবাৰৰ বাবে কে পি শর্মাব দলটোৱে এনেদৰে এটা বৃহৎ জনসমাৱেশ অনষ্ঠিত কৰিলে।
আৰক্ষীয়ে অনুমান কৰা মতে, ৭০ হাজাৰতকৈ অধিক লোকে নেপাল কমিউনিষ্ট পার্টি (মার্ক্স লেনিন)ৰ এই সমাৱেশত অংশ লয়। ৰাজধানী কাঠমাণ্ডুৰ সমীপৰ ভক্তপুৰ এলেকাত আয়োজিত সমাবেশখনলৈ ৩ লাখ লোকক অনাৰ পৰিকল্পনা কৰিছিল আয়োজকসকলে। দেশখনত সমাগত সাধাৰণ নির্বাচনৰ পূর্বে জনসধাৰণৰ আস্থা পুনৰ ঘুৰাই আনিবলৈ কে পি শর্মাই এই পদক্ষেপ লৈছে বুলি ৰাজনৈতিক মহলত চর্চা হৈছে। তদুপৰি, তদানীন্তন চৰকাৰখনৰ বিৰুদ্ধে উত্থাপিত দুর্নীতিৰ চেকা নাই কিয়া কৰিবলৈও প্রাক্তন প্রধানমন্ত্রীজনৰ দলটোরে প্রচেষ্টা চলাইছে বুলি ৰাজনৈতিক বিশ্লেষকসকলে মত ব্যক্ত কৰিছে।