কৃতিকাৰ হেট্ৰত্ৰিকেৰে অসমৰ জয়, ছাব জুনিয়ৰ ছোৱালী ৰাষ্ট্ৰীয় ফুটবল

dainik janambhumi August 24, 2025

ডিজিটেল ডেস্ক : সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্যনৰ উদ্যোগত যোৰহাট জিলা ক্রীড়া সন্থাৰ তত্ত্বাৱধানত যোৰহাট ষ্টেডিয়াম আৰু মৰিয়নি বাপুজী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ছাব জুনিয়ৰ গাৰ্লছ ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপৰ শনিবাৰে যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা পুৱা বি গ্ৰুপৰ খেলত মণিপুৰ ফুটবল দলে তামিলনাডু ফুটবল দলক ৯-০ গ'লত পৰাভূত কৰি লীগৰ সম্পূর্ণ পইন্ট লাভ কৰিবলৈ সক্ষম হৈছে। আনহাতে, 'বি' গ্ৰুপৰ বিয়লি দ্বিতীয়খন খেলত অসম ফুটবল দলে দিল্লী ফুটবল দলক ৩-০ গ'লত পৰাভূত কৰি লীগৰ সম্পূৰ্ণ পইন্ট লাভ কৰিবলৈ সক্ষম হৈছে। আক্রমণ-প্রত্যাক্রমণেৰে ভৰপূৰ খেলখনৰ প্ৰথমার্ধ গ'লশূন্যভাৱে সমাপ্তি ঘটে যদিও দ্বিতীয়ার্ধত অসম দলৰ ফৰৱাৰ্ড কৃতিকা হাজোৱাৰীয়ে ৬৮,৭৩,৮১ মিনিটত ব্যক্তিগত ভাৱে তিনিটা গ'ল দি অসম দলক জয়ী হোৱাত মুখ্য ভূমিকা গ্ৰহণ কৰাৰ লগতে হেটত্রিক অর্জন কৰিবলৈ সক্ষম হৈছে।

 উল্লেখযোগ্য যে বি গ্রুপত মণিপুৰ দলে লীগৰ দুখন খেলত অংশগ্ৰহণ কৰি দুয়োখন খেলত জয়ী হৈ সর্বমুঠ ৬ পইন্ট সংগ্রহ কৰি গ্ৰুপৰ শীৰ্ষ স্থানত অৱস্থান কৰে। আনহাতে, অসম আৰু দিল্লী দলে দুখন খেলত অংশ গ্রহণ কৰি দুয়োটা দলে এখনত জয়ী, এখনত পৰাজয় বৰণ কৰি ৩ পইন্ট সংগ্ৰহ কৰিছে। তামিলনাডুৰ দলটো দুখন খেলত অংশ গ্রহণ কৰি দুখনত পৰাজয় সূত্রে কোনো পইন্ট অর্জন কৰিবলৈ সক্ষম হোৱা নাই। 

আনহাতে, মৰিয়নি বাপুজী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা পুৱা খেলখনত কর্ণাটক ফুটবল দলে পঞ্জাব ফুটবল দলক ৬-০ গ'লত পৰাভূত কৰে। দ্বিতীয়খন খেলত বিহাৰ ফুটবল দলে ৰিংকী কুমাৰীৰ ৬ টা গ'লৰ সহযোগত মধ্য প্রদেশ ফুটবল দলক ৭-০ গ'লত পৰাভূত কৰি লীগৰ সম্পূৰ্ণ পইন্ট লাভ কৰিবলৈ সক্ষম হৈছে। ২৪ আগষ্টৰ যোৰহাট ষ্টেডিয়ামৰ প্ৰথমখন খেল মিজোৰাম বনাম গুজৰাট আৰু দ্বিতীয়খন খেল ঝাৰখণ্ড বনাম মেঘালয়। মৰিয়নি বাপুজী ষ্টেডিয়ামত পশ্চিম বংগ বনাম মহাৰাষ্ট্ৰ।

Share This