ডিজিটেল ডেস্ক : ইংলেণ্ডৰ বিৰুদ্ধে চতুর্থ টেষ্টত সুযোগ পাব কুলদীপ যাদৱে। কুলদীপৰ প্ৰশিক্ষক কপিল যাদৱে ভাবে যে ২৩ জুলাইত আৰম্ভ হ'ব লগীয়া মাঞ্চেষ্টাৰ টেষ্টতে কুলদীপৰ কপাল ফুলিব। এই পর্যন্ত সম্পন্ন হৈ যোৱা তিনিখন টেষ্টত কুলদীপে ৰিজার্ভ বেঞ্চত থাকিয়েই সময় পাৰ কৰিব লগীয়া হৈছে। ভাৰতৰ প্ৰথম একাদশত বাওঁহতীয়া স্পীনাৰ কুলদীপক অন্তৰ্ভুক্ত কৰাৰ দাবী সজোৰে উত্থাপিত হৈছে। পিছে ভাৰতীয় দলীয় মেনেজমেন্টে সেই দাবীক কৰ্ণপাত কৰা নাই।
কুলদীপৰ প্ৰশিক্ষক কপিলে কয়, 'ভাৰতে ভাল খেলিছে। তাৰ মাজতে তৃতীয় টেষ্টত কুলদীপে সুযোগ পাব বুলি বহুতেই ধৰি লৈছিল। কিন্তু ভাৰতীয় বেগী বলাৰে ভাল প্রদর্শন দাঙি ধৰে। উইকেটো দখল কৰিবলৈ সক্ষম হৈছে। মোৰ মতে কুলদীপৰ অনুপস্থিতি অনুভৱ কৰিছে ভাৰতীয় দলে।' প্রশিক্ষকগৰাকীয়ে লগতে কয়, 'কুলদীপ কেৰিয়াৰৰ শ্ৰেষ্ঠ সময়ত আছে। এদিনীয়া বিশ্ব কাপত তেওঁ দুৰন্ত ফর্মত আছিল।
সমগ্র প্রতিযোগিতাখনত তেওঁৰ প্রদর্শন আছিল চকুত পৰা ধৰণৰ। পিছে চলিত টেষ্ট শৃংখলাত বেটাৰহে বিফল হৈছে, বলাৰ নহয়। ২০১৭ চনত টেষ্টত অভিষেক ঘটোৱা কুলদীপে এই পর্যন্ত দীঘলীয়া সংস্কৰণৰ খেলবিধত মাত্র ১৩খনতহে সুযোগ পাইছে। মূল একাদশত অধিক সুযোগ নাপালেও কুলদীপ সাজু থকা বুলিয়েই ভাবে তেওঁৰ প্রশিক্ষক যাদৱে।