ডিজিটেল ডেস্ক : ইংলেণ্ডৰ বিৰুদ্ধে প্রথম দুখন টেষ্টত কুলদীপ যাদৱক সুযোগ নিদিয়াক লৈ চর্চা তুংগত আছিল। কিন্তু এজবাষ্টন টেষ্টত ভাৰতৰ ঐতিহাসিক জয়ৰ পাছত সেই আলোচনা অলপ হ'লেও বন্ধ হোৱা পৰিলক্ষিত হৈছে। এগৰাকী বিশেষজ্ঞ বলাৰৰ সলনি স্পীন অলৰাউণ্ডাৰক অগ্রাধিকাৰ দিয়া হয়। সেয়া ফলপ্রসূ হৈছে। নিম্ন মিড অৰ্ডাৰত গুৰুত্বপূৰ্ণ ৰান যোগ দিবলৈ সক্ষম হৈছে ৱাশ্বিংটন সুন্দৰে। বল-হাতেও তেওঁ হতাশ কৰা নাই।
লৰ্ডছ টেষ্টৰ আগেয়ে মনোযোগ দি অনুশীলনত নমা দেখা গৈছে কুলদীপক। প্রথম দুখন টেষ্টত বাদ পৰা সত্ত্বেও তেওঁৰ শৰীৰৰ ভাষাৰ কোনো পৰিৱৰ্তন হোৱা নাই। ৫ খনীয়া শৃংখলা বর্তমান ১-১ ব্যৱধানত ড্র হৈ আছে। এই পৰিস্থিতিত লৰ্ডছ টেষ্ট খুবেই গুৰুত্বপূৰ্ণ। ইংলেণ্ডৰ প্ৰাক্তন ক্রিকেটাৰ কেভিন পিটাৰছেনৰ মতে তৃতীয় টেষ্টত কুলদীপক সুযোগ দিয়া উচিত।
আই পি এল চলাকালীন কুলদীপৰ সৈতে বলিঙক লৈ পিটাৰছেনৰ আলোচনা চলিছিল। প্রাক্তন ইংলিছ ক্রিকেটাৰগৰাকীয়ে ভাবে যে কুলদীপক খেলিবলৈ দিলে ভাৰতৰ বলিঙত বৈচিত্র্য বৃদ্ধি পাব। ইফালে, দ্বিতীয় টেষ্টৰ পৰা আঁতৰি থকা বেগীবলাৰ যশপ্রীত বুমৰাহে লৰ্ডছত প্রত্যাৱর্তন ঘটাব বুলি ইতিমধ্যেই নিশ্চিত কৰিছে ভাৰতীয় অধিনায়ক শুভমন গীলে।