ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত অনুষ্ঠিত হৈ থকা ৪৫ দিনীয়া মহাকুম্ভ মেলা ২০২৫-এ দেশৰ যুৱক-যুৱতীসকলৰ বাবে প্ৰায় ১২ লাখ অস্থায়ী কৰ্মসংস্থানৰ সৃষ্টি কৰিছে আৰু ইয়াৰদ্বাৰা বিভিন্ন খণ্ডৰ আঠ লাখতকৈ অধিক শ্ৰমিক উপকৃত হ’ব৷ সোমবাৰে এখন প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে৷ প্ৰয়াগৰাজৰ এই ঐতিহাসিক কুম্ভমেলা, দেশত অস্থায়ী নিযুক্তি আৰু অৰ্থনৈতিক বিকাশৰ বাবে এটা ‘পাৱাৰ হাউছ’ হিচাপে পৰিগণিত হৈছে৷
পৰ্যটন, পৰিবহণ আৰু লজিষ্টিকৰ দৰে প্ৰধান উদ্যোগসমূহৰ সৈতে কেৱল প্ৰয়াগৰাজৰে নহয়, ইয়াৰ চুবুৰীয়া অঞ্চলসমূহৰো ব্যৱসায়-বাণিজ্য বৃদ্ধি কৰিছে এই ঐতিহাসিক মহাকুম্ভ মেলাই৷ তদুপৰি স্বাস্থ্যৰ যতন, তথ্য-প্ৰযুক্তি আৰু খুচুৰা উদ্যোগ খণ্ডও ইয়াৰ দ্বাৰা লাভান্বিত হৈছে৷
বিশ্বজনীন প্ৰযুক্তি আৰু ডিজিটেল টেলেণ্ট ছলিউশ্যন প্ৰদানকাৰী, এন এল বি ছাৰ্ভিচেজে প্ৰকাশ কৰা প্ৰতিবেদনখন অনুসৰি ধৰ্মীয় দিশৰ গভীৰ গুৰুত্ব থকাৰ লগতে এই পৱিত্ৰ সমাগমে অৰ্থনৈতিক কৰ্মৰাজিৰ ক্ষেত্ৰতো প্ৰভূত অৱদান আগবঢ়াইছে৷ উল্লেখযোগ্য যে উত্তৰ প্ৰদেশ চৰকাৰে এই মহাকুম্ভলৈ ৪০ কোটি ভক্তক আদৰিবলৈ সাজু হৈছে আৰু এইটো ঐতিহাসিকভাৱে এটা অন্যতম শান্তিপূৰ্ণ সমাগম হোৱাৰ সম্ভাৱনা আছে৷
আনহাতে, কনফেডাৰেশ্যন অব্ অল ইণ্ডিয়া ট্ৰেডাৰ্ছৰ মতে এই পৱিত্ৰ মহাসমাগমত ২ লাখ কোটি টকা অৰ্থনৈতিক কৰ্মৰাজি হোৱাৰ সম্ভাৱনা আছে৷