'লাচিত-১' মহাকাশত সন্ধানহীন, বছৰৰ প্ৰথমটো অভিযান 'পি এছ এল ভি-চি ৬২' ব্যর্থ

dainik janambhumi January 13, 2026

ডিজিটেল ডেস্ক : ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ (ইছৰ') নতুন বছৰৰ প্ৰথমটো অভিযান পি এছ এল ভি-চি৬২ কালি ব্যর্থ হয়। কালি পুৱা ১০-১৮ বজাত শ্রীহৰিকোটাৰ মহাকাশ কেন্দ্ৰৰ পৰা পি এছ এল ভি-চি৬২ ৰকেটক ১৬টা কৃত্রিম উপগ্রহসহ মহাকাশলৈ উৎক্ষেপণ কৰা হৈছিল। ইছৰ'ৰ অধ্যক্ষ ভি নাৰায়ণনে কয় যে ৰকেটটো উৎক্ষেপণ কৰাৰ তৃতীয় পৰ্যায়ত বিজুতিয়ে দেখা দিয়ে যাৰ ফলত ৰকেটটো পথভ্রষ্ট হয়। উল্লেখযোগ্য যে যোৱা বছৰ ১৮ মে'ত ইছৰ'ৰ পি এছ এল ভি-চি৬২ অভিযান কাৰিকৰী বিজুতিৰ বাবে উৎক্ষেপণৰ তৃতীয় পর্যায়ত ব্যর্থ হৈছিল। এই অভিযানটোত ই অ' এছ-০৯ আর্থ অবজাৰভেশ্যন উপগ্রহক পৃথিৱীৰ পৰা ৫২৪ কিল'মিটাৰ উচ্চতাৰ ছান-ছিংক্র'নেছ প'লাৰ কক্ষপথত স্থাপন কৰাৰ কথা আছিল। নাৰায়ণনে কয়, 'আজি আমি পি এছ এল ভি-চি৬২/ই অ' এছ-এন১ অভিযান উৎক্ষেপণৰ প্ৰচেষ্টা চলাইছিলোঁ। পি এছ এ ভি যানখন চাৰিটা পৰ্যায়ৰ উৎক্ষেপণ যান ইয়াৰ দুটা গোটা আৰু দুটা জুলীয়া পৰ্যায়ৰ। তৃতীয় পৰ্যায়ৰ শেষ হ'বলৈ কিছু সময় থকালৈকে ৰকেটটোৰ প্ৰদৰ্শন আশা কৰাৰ মতেই আছিল, কিন্তু শেষৰফালে যানখনত বিজুতিয়ে দেখা দিয়ে। ইয়াৰ পাছত যানখন নিজৰ গতিপথৰ পৰা আঁতৰি যোৱা পৰিলক্ষিত হয়।' 

 

উল্লেখযোগ্য যে ৰকেটটো কালি সফলতাৰে মহাকাশলৈ উৎক্ষেপণ কৰা হৈছিল যদিও তৃতীয় পর্যায়ৰ শেষলৈ জটিলতাৰ সৃষ্টি হয়। প্রথমে ছিগনেল পলমকৈ দিবলৈ ধৰে আৰু চতুর্থ পর্যায় আৰম্ভহোৱাৰ সময়ৰ পৰাই 'আপডেট' অহাটো বন্ধ হৈ পৰে।' নাৰায়ণনে প্রকাশ কৰা মতে, তেওঁলোকে এতিয়া তথ্যসমূহ বিশ্লেষণ কৰি আছে। ইয়াৰ পাছত কোনো এক সিদ্ধান্তত উপনীত হ'ব পৰা যাব। ৪৪.৪ মিটাৰ দীঘল প'লাৰ ছেটেলাইট লান্স ভেহিকল নিউস্পেচ ইণ্ডিয়া লিমিটেডৰ (এন এছ আই এল) বাবে এক বাণিজ্যিক অভিযানৰ অধীনত শ্রীহৰিকোটাৰ সতীশ ধরন মহাকাশ কেন্দ্ৰৰ লান্স পেডৰ পৰা মহাকাশ অভিমুখে উৰা মাৰিছিল। এই অভিযানটোত ভাৰত আৰু বিদেশৰ কেইবটাও কৃত্রিম উপগ্রহ আছিল। যানখনে দেশ আৰু বিদেশৰ ১৬টা কৃত্রিম উপগ্রহ লৈ মহাকাশ অভিমুখে ৰাওনা হৈছিল। এই অভিযানটোৰ মুখ্য অংশ আছিল ই অ' এছ-এন১ অন্বেষা। ই আছিল প্ৰতিৰক্ষা গবেষণা আৰু উন্নয়ন সংগঠনে বিকশিত কৰা এটা হাইপাৰস্পেক্ট্রল উপগ্রহ। এই উপগ্রহটো এডভান্সড আর্থ অবজার্ভেশ্যন এপ্লিকেশ্যৰ বাবে ডিজাইন কৰা হৈছিল। ২৬০ টন ওজনৰ এই ৰকেটটোৱে উপগ্রহ অন্বেষাৰ উপৰি আন ১৫টা কৃত্রিম উপগ্রহ লৈ মহাকাশ অভিমুখে উৰা মাৰিছিল। কিন্তু ৰকেটটো পথভ্রষ্ট হোৱাৰ ফলত এই উপগ্ৰহবোৰ মহাকাশত 'সন্ধানহীন' হৈ পৰে। উল্লেখযোগ্য যে এটা উপগ্রহো ইয়াক কক্ষপথত স্থাপন কৰিব পৰা নগ'ল। অৱশ্যে, নাৰায়ণনে এই অভিযানটো ব্যর্থ হোৱা বা সফল হোৱা বুলি কোৱা নাই। আনহাতে, পি এছ এল ভি-চি৬২ উৎক্ষেপণ যানখনে কালি মহাকাশত নিজৰ নিজৰ কক্ষপথত স্থাপন কৰাৰ বাবে লৈ যোৱা কৃত্রিম উপগ্রহ ১৬টাৰ ভিতৰত অসমৰ লাচিত-১ কৃত্রিম উপগ্রহো আছে। আজাৰাস্থিত অসম ডনবস্ক' বিশ্ববিদ্যালয়ৰ ৫০ গৰাকী শিক্ষার্থীয়ে এই কৃত্রিম উপগ্ৰহটো প্রস্তুত কৰিছিল। উল্লেখযোগ্য যে লাচিত বৰফুকনৰ নামেৰে এই কৃত্রিম উপগ্ৰহটোৰ নাম দিয়া হৈছিল। শিক্ষার্থীসকলে ইণ্টাৰনেট অব থিং (ই অ'টি) প্রযুক্তিৰে এই কৃত্রিম উপগ্রহটো নির্মাণ কৰিছিল। 

 

এই উপগ্রহটোৱে বায়ুমণ্ডলৰ তাপমাত্রা, প্রদূষণ আৰু আর্দ্রতা নিৰীক্ষণ কৰিলেহেঁতেন। অৱশ্যে, ইছৰ'ৰ এই অভিযানটো ব্যর্থ হ'লেও বিশ্ববিদ্যালয়খনৰ শিক্ষার্থীসকলৰ বাবে আজি এক স্মৰণীয় মুহূর্ত আছিল। প্রণিধানযোগ্য যে পি এছ এ ভি ৰকেটৰ উৎক্ষেপণত ২৫০-৩০০ কোটি টকা ব্যয় হয়। প্রধান উপগ্রহ অন্বেষা (ই অ' এছ-এন১) ডি আৰ জি অ'ৰ হাইপাৰস্পেক্ট্রল ইমেজিং উপগ্রহ আছিল আৰু ইয়াৰ নিৰ্মাণত ২০০-৪০০ কোটি টকা ব্যয় হয়। আন ১৫টা উপগ্ৰহৰ নিৰ্মাণত ১০০-২০০ কোটি টকা ব্যয় হয়। এই অভিযানটো ব্যর্থ হোৱাৰ ফলত হোৱা মুঠ লোকচানৰ পৰিমাণ ৫০০-৮০০ কোটি টকা হ'ব। উল্লেখযোগ্য যে অন্বেষাই মহাকাশৰ পৰা সীমান্তত পাকিস্তান আৰু চীনৰ কাৰ্যকলাপ নিৰীক্ষণ কৰিলেহেঁতেন। এতিয়া এই প্রকল্প অধিক পলম হোৱাৰ সম্ভাৱনা আছে। ইছৰ'ৰ ব্যৰ্থতাৰ সময়তে ডি আৰ ডি অ'ৰ সফলতাঃ ইছৰ'ৰ পি এছ এল ভি অভিযান ব্যর্থ হোৱাৰ কিছু সময় পাছতে প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংগঠনে (ডি আৰ ডি অ') ভাৰতৰ বাবে এক সু-খবৰ দিয়ে। ডি আৰ ডি অ'ই এটা নতুন ক্ষেপণাস্ত্ৰৰ পৰীক্ষা সফলভাবে সম্পন্ন কৰে। ডি আৰ ডি অ'ৰ এই ক্ষেপণাস্ত্রবিধে শত্ৰুৰ 'মুভিং টার্গেট' অর্থাৎ স্থান সলনি কৰি থকা লক্ষ্যতো আঘাত হানিব পাৰে। ডি আৰ ডি অ'ই দেওবাৰে এই ক্ষেপণাস্ত্ৰটোৰ পৰীক্ষা সম্পন্ন কৰে যদিও আজিহে এই বিষয়ে প্রকাশ কৰে। মহাৰাষ্ট্ৰৰ কে কে ৰেঞ্জত পৰীক্ষা কৰা মেন পর্টেবল এন্টি টেংক গাইডেড মিছাইল (এম পি এ টি জি এম) সম্পূর্ণরূপে থলুৱা প্ৰযুক্তিৰে নিৰ্মাণ কৰা হৈছে আৰু ই অত্যাধুনিক টেংক ধ্বংস কৰিব পাৰে। এই ক্ষেপণাস্ত্রবিধক ফায়াৰ এণ্ড ফৰগেট ক্ষেপণাস্ত্র বুলিও কোৱা হয়, কিয়নো ক্ষেপণাস্ত্রবিধ নিক্ষেপ কৰাৰ পাছত ইয়াক নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজন নহয় আৰু নিজে লক্ষ্যৰ সন্ধান কৰি আঘাত হানে। এম পি এ টি জি এম এবিধ নিচেই কম ওজনৰ ক্ষেপণাস্ত্ৰ আৰু সৈনিকে নিজৰ কান্ধত ইয়াক লৈ যাব পাৰে।

Share This