ডিজিটেল ডেস্ক : লাডাখৰ ভাৰতীয় হিমালয় এলেকাত অসম পৰ্বতাৰোহণ সন্থাৰ এটা দলে বিশেষ সফলতা লাভ কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। অসম পৰ্বতাৰোহণ সন্থাই লাডাখৰ ৬৩৬৫ মিটাৰ (২০,৮৮৩ ফুট) উচ্চতাৰ এটা অনামী শৃংগত সফলতাৰে আৰোহণ কৰাৰ লগতে আহোম বীৰ লাচিত বৰফুকনৰ নামেৰে শিখৰটো নামকৰণ কৰে। দলটোৰ আন এটা চাৰিজনীয়া দলে একে অঞ্চলৰ প্রায় ৫,৬০০ মিটাৰ (১৮,৩৭৩ ফুট) উচ্চতাত অৱস্থিত ক্যাগাৰ লালৈ হাই এলটিটিউত ট্রেকিং সফলতাৰে সম্পূৰ্ণ কৰিবলৈ সক্ষম হয়। সন্থাৰ সাধাৰণ সম্পাদক মানস বৰুৱাৰ নেতৃত্বত 'এ এম এ ত্রিপল্ পীক এক্সপেডিশ্যন এণ্ড ক্যাগৰ লা ট্রেকিং-২০২৫' শীর্ষক এই অভিযানলৈ বিগত ৭ এপ্ৰিলত অসমৰ পৰা ঊনৈশজনীয়া দলটো ৰাওনা হৈছিল।
দলটোৰ দুই তৰুণ সদস্য জয়ন্ত নাথ আৰু শেখৰ বৰদলৈয়ে সোমবাৰে পুৱা প্রায় ১০-১৬ বজাত সফলতাৰে শিখৰ আৰোহণ কৰিবলৈ সক্ষম হয়। তেওঁলোকৰ পিছে পিছে আন এটা চাৰিজনীয়া দলে শিখৰ আৰোহণ কৰাৰ (ছামিট এটেম্প) চেষ্টা কৰে। এই দলটোৰো দুই সদস্য ভাস্কৰ বৰ্মন (নর্থ ইষ্ট এডভেঞ্চাৰ ফাউণ্ডেশ্যনৰ সদস্য) আৰু সুৰজিত ৰংহাঙে (কার্বি আংলং মাউন্টেইনীয়াৰিং এছ'চিয়েশ্যনৰ সদস্য) সফলতাৰে শিখৰ আৰোহণ কৰাৰ খবৰ আহিছে যদিও এইপর্যন্ত দলটোৰ আন দুজন সদস্য এভাৰেষ্ট আৰোহণকাৰী হেনৰি ডেভিড টেৰণ আৰু উপেন চক্ৰৱৰ্তীৰ শিখৰ আৰোহণৰ নিশ্চিত তথ্য লাভ কৰা হোৱা নাই। প্রণিধানযোগ্য যে সোমবাৰে অসম পৰ্বতারোহণ সন্থাৰ সদস্যই আৰোহণ কৰা শিখৰটো এইপর্যন্ত কোনো পৰ্বতাৰোহীয়ে আৰোহণ কৰিবলৈ সক্ষম হোৱা নাছিল।
নামবিহীন এই ভার্জিন পীকটোত সফলতাৰে আৰোহণ কৰি অসম পৰ্বতাৰোহণ সন্থাই শিখৰটো আহোম বীৰ লাচিত বৰফুকনৰ নামেৰে 'মাউন্ট লাচিত কাংৰী' নামকৰণ কৰে। ইতিমধ্যে এই সম্পৰ্কত চৰকাৰীভাৱেও পদক্ষেপ আগবঢ়োৱা হৈছে। উল্লেখযোগ্য যে জম্মু-কাশ্মীৰত শেহতীয়াকৈ হোৱা ডাৱৰ বিস্ফোৰণৰ পাছত লাডাখত বতৰে হঠাৎ ৰূপ সলাই প্রতিকূল পৰিস্থিতিৰ সৃষ্টি কৰাৰ বাবে অসমৰ দলটোৰ বাকী দুটা শিখৰ অভিযান অনিশ্চিত হৈ পৰিছে। আজি দলটোৱে বাকী শিখৰ আৰোহণৰ বাবে শেষ প্রচেষ্টা চলাব বুলি জানিব পৰা গৈছে। আনহাতে, সোমবাৰে অসম পৰ্বতাৰোহণ সন্থাৰ আন চাৰিগৰাকী সদস্য-সদস্যা ক্রমে মাধুর্য মঞ্জুৰী বড়া, তৃষ্ণা ৰামচিয়াৰী, ববিতা গোস্বামী আৰু অংশুমান বৰাই লাডাখৰ প্রায় ৫,৬০০ মিটাৰ (১৮,৩৭৩ ফুট) উচ্চতাত অৱস্থিত 'ক্যাগাৰ লা'ত সফলতাৰে ট্রেকিং সম্পূৰ্ণ কৰে। প্ৰায় ৫ ঘণ্টাজোৰা প্ৰচেষ্টাৰ অন্তত তেওঁলোকে এই ট্রেকিংটো সম্পূৰ্ণ কৰিবলৈ সক্ষম হয়। অসম পৰ্বতাৰোহণ সন্থাৰ এই সফলতাৰ খবৰ পোৱাৰ পাছত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শর্মাকে ধৰি বিভিন্ন লোকে দলটোলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। লক্ষণীয় যে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ সম্পূৰ্ণ সহযোগত আয়োজিত অভিযানটোৰ ফ্লেগ অফ কৰি অসম পৰ্বতাৰোহণ সন্থাৰ পতাকা আৰু ভাৰতীয় জাতীয় পতাকা সম্বলিত আইচ এক্স দলপতিৰ হাতত অর্পণ কৰিছিল সন্থাৰ সভাপতি ডাঃ দেৱেন্দ্ৰনাথ মহন্তই।