ডিজিটেল ডেস্ক: বছৰটোৰ শেষত অসমৰ কলা-সংস্কৃতিৰ জগতলৈ পুনৰ সুনাম কঢ়িয়াই আনিছে 'অনসুনী চীখে' চুটি ছবিখনে। বিশিষ্ট পৰিচালক, লেখক, সাহিত্যিক, আই পি এছ বিষয়া ড° পাৰ্থসাৰথি মহন্তৰ 'অনসুনী চীখে' চুটি ছবিখনে এইবাৰ মুম্বাইত অনুষ্ঠিত 'লেকচিটি আন্তর্জাতিক চলচ্চিত্র মহোৎসৱ'ত খ্যাতি অর্জন কৰিছে। যোৱা ১২ আৰু ১৩ ডিচেম্বৰত মুম্বাইত অনুষ্ঠিত এই চলচ্চিত্র মহোৎসৱত 'অনসুনী চীখে'ই জুৰীৰ শ্ৰেষ্ঠ চুটি ছবিৰ খিতাপ লাভ কৰিছে। লগতে ভাৰতীয় চুটি ছবি শাখাত এই ছবিখনৰ বাবে ড° পাৰ্থসাৰথি মহন্তই শ্রেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰিছে।
উল্লেখযোগ্য যে ড° মহন্তৰ 'অনসুনী চীখে' ছবিখনে ধাৰাবাহিকভাৱে ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কেইবাটাও বঁটা, সন্মান লাভ কৰি অসমৰ সাংস্কৃতিক জগতখনলৈ গৌৰৱ কঢ়িয়াইছে। ইয়াৰ পূৰ্বে মুম্বাইত অনুষ্ঠিত 'য়থাকথা আন্তর্জাতিক চলচ্চিত্ৰ আৰু সাহিত্য মহোৎসৱ-২০২৫'ত সন্মানিত হৈছিল 'অনসুনী চীখে' চুটি ছবিখন। যোৱা ৬ নৱেম্বৰৰ পৰা ৯ নৱেম্বৰলৈ অনুষ্ঠিত 'যথাকথা' মহোৎসৱত 'অনসুনী চীখে' চুটি ছবিখনে ভাৰতীয় চিনেমা শাখাত শ্ৰেষ্ঠ চুটি ছবি পৰিচালকৰ সন্মান বুটলিছে। যোৱা ১৪ অক্টোবৰত গোৱালিয়ৰত অনুষ্ঠিত যষ্ঠদশ সম্বল আন্তর্জাতিক চলচ্চিত্র মহোৎসৱ-২০২৫ত ছবিখনৰ বাবে ড° মহন্তই জুৰীৰ শ্ৰেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰিছে। যোৱা ছেপ্টেম্বৰত মুম্বাইত অনুষ্ঠিত উত্তৰ-পূব ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত উত্তৰ-পূবৰ বিশেষ শিতানত 'অনসুনী চীখে' চুটি ছবিখনে শ্রেষ্ঠ পৰিচালক আৰু শ্রেষ্ঠ চুটি ছবিৰ বঁটাৰ লগতে বিশিষ্ট অভিনেত্রী সীমা বিশ্বাসে শ্রেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰিছিল।
চেন্নাইত অনুষ্ঠিত 'কল্লীউড আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱ'ৰ শ্ৰেষ্ঠ এছিয়ান চুটি ছবিৰ সন্মান লাভ কৰা 'অনসুনী চীখে'ই জয়পুৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱ, দিল্লী চলচ্চিত্র মহোৎসৱ আৰু কলকাতাত অনুষ্ঠিত 'ইণ্ডিয়ান ইন্ডিপেনডেন্ট চলচ্চিত্র মহোৎসৱতো শ্রেষ্ঠ চুটি ছবিৰ বঁটা লাভ কৰিছে। ১৯সংখ্যক অযোধ্যা চলচ্চিত্র মহোৎসৱতো ছবিখনে লাভ কৰিছে শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান। এছিয়ান টেলেন্ট আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱ আৰু কাঁ চলচ্চিত্র মহোৎসৱত 'মার্চে ডু ফিল্ম' (অনলাইন শাখা)তো প্রদর্শিত হোৱা এই ছবিখনে বিশ্বজুৰি দৰ্শক-সমালোচকৰ প্ৰশংসা লাভ কৰিছে। খ্যাতনামা অভিনেত্রী সীমা বিশ্বাসে এককভাৱে অভিনয় কৰা এই ছবিখনৰ কাহিনী ড° পাৰ্থসাৰথি মহন্তৰ এটি কবিতাৰ আধাৰত ৰচিত। এগৰাকী যুৱতীয়ে তেওঁৰ জন্মৰ পৰা প্ৰাপ্তবয়স্কলৈ সন্মুখীন হোৱা গভীৰ প্রত্যাহ্বান আৰু তেওঁৰ দুর্বিষহ জীৱন যাত্ৰাক শক্তিশালী ৰূপত চিত্রায়িত কৰা এই ছবিখন প্রযোজনা কৰিছে মীনা মহন্ত আৰু ইন্দ্ৰাণী বৰুৱাই।