মুখ্যমন্ত্রী ড° শর্মাই দিলে সুখবৰ, লক্ষাধিক ক্ষুদ্র চাহ খেতিয়কে পাব 'ফাৰ্মাৰ আই ডি'

dainik janambhumi June 27, 2026

ডিজিটেল ডেস্ক : ৰাজ্যৰ লক্ষাধিক ক্ষুদ্ৰ চাহ খেতিয়কৰ বাবে সুখবৰ। এতিয়াৰে পৰা প্ৰতিজন ক্ষুদ্র চাহ খেতিয়কে চৰকাৰীভাৱে ফাৰ্মাৰ আই ডি (Farmer ID)ৰ সুবিধা লাভ কৰাৰ লগতে সাৰ, চৰকাৰী আঁচনি আৰু প্ৰয়োজনভিত্তিক চৰকাৰী সহায় লাভ কৰিব। সহজে ঋণ লাভো কৰিব ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে। এই কথা সদৰী কৰিছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। তেওঁ কয়, 'আজিৰ দিনটো অসমৰ লক্ষাধিক ক্ষুদ্ৰ চাহ খেতিয়কৰ বাবে এক ঐতিহাসিক মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈ ৰ'ব। 

এতিয়াৰে পৰা চাহ আৰু প্লান্টেশ্যন শ্ৰেণীৰ ভূমিও Farmer Registry পর্টেলত অন্তর্ভুক্ত হ'ল। এই পদক্ষেপে অসমৰ চাহ জনগোষ্ঠীৰ ভাই-ভনীসকলক অধিক শক্তিশালী, স্বাৱলম্বী আৰু ডিজিটেলভাবে সংযুক্ত কৰাৰ দিশত এক নতুন অধ্যায়ৰ সূচনা কৰিলে।' আনহাতে এই ব্যৱস্থাই প্রতিজন ক্ষুদ্র চাহ খেতিয়কক Farmer ID লাভৰ সুবিধা প্ৰদান কৰিব বুলি জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে একেটা প্লেটফৰ্মৰ জৰিয়তে সাৰ, চৰকাৰী আঁচনি আৰু প্ৰয়োজনভিত্তিক সহায় সহজলভ্য কৰাৰ উপৰি সহজ ঋণ লাভৰ পথ সুগম হ'ব। মধ্যস্বত্বভোগীৰ শোষণৰ পৰাও চাহ খেতিয়কসকলক সুৰক্ষা প্রদান কৰিব। 

ক্ষুদ্ৰ চাহ খেতিয়কসকলক লৈ গৌৰৱ অনুভৱ কৰাৰ কথা ব্যক্ত কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই লগতে কয়, 'এসময়ৰ এটা প্রান্তীয় সম্প্ৰদায়ৰ পৰা আজি অসমৰ মুঠ চাহ উৎপাদনৰ প্ৰায় ৫০ শতাংশ যোগান ধৰা এক শক্তিশালী খণ্ডলৈ পৰিণত হোৱা ক্ষুদ্ৰ চাহ খেতিয়কসকল আমাৰ গৌৰৱ, আমাৰ শক্তি আৰু অসমৰ কৃষি অর্থনীতিৰ এক দৃঢ় ভিত্তি। মই প্রতিজন ক্ষুদ্র চাহ খেতিয়কক অতি সোনকালে নিজৰ Farmer ID সংগ্ৰহ কৰি চৰকাৰৰ এই ডিজিটেল সুবিধাসমূহৰ পূৰ্ণ লাভ গ্ৰহণ কৰিবলৈ আন্তৰিকভাৱে আহ্বান জনাইছোঁ।'

Share This