ডিজিটেল ডেস্ক : পশ্চিম বংগত নির্বাচন আয়োগে চলোৱা এছ আই আৰ প্ৰক্ৰিয়াত বিজেপিক সহায় কৰাৰ বাবেহে লাখ লাখ বৈধ ভোটাৰৰ নাম কৰ্তন কৰিছে। এই অভিযোগ কৰিছে ৰাজ্যখনৰ শাসকীয় দল তৃণমূল কংগ্রেছে (টি এম চি)। সমাগত বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে বিজেপিক সহায় কৰিবলৈ নির্বাচন আয়োগে এই ব্যৱস্থা কৰিছে বুলি টি এম চিয়ে অভিযোগ কৰে।
টি এম চিৰ এটা প্রতিনিধি দলে কালি মুখ্য নির্বাচন বিষয়া মনোজ আগৰৱালাক এই বিষয়ত এখন স্মাৰক-পত্ৰ প্ৰদান কৰে।
আনহাতে, টি এম চিৰ সাংসদ অভিষেক বেনাৰ্জীয়ে শনিবাৰে নিৰ্বাচন আয়োগক প্রত্যাহ্বান জনাই কয় যে পশ্চিম বংগত এছ আই আৰৰ সময়ত কৰ্তন হোৱা ৫৮.২০ লাখ ভোটাৰৰ ভিতৰত অবৈধ বাংলাদেশী আৰু ৰহিঙীয়াৰ সংখ্যা প্রকাশ কৰিব লাগে। তেওঁ অভিযোগ কৰে যে ২০২১ চনত বিধানসভাৰ নিৰ্বাচনত বিজয়ী হোৱাৰ পৰাই বিজেপি আৰু কেন্দ্ৰীয় চৰকাৰে টি এম চিক আক্ৰমণৰ লক্ষ্য কৰি আহিছে।