ডিজিটেল ডেস্ক: কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ১ ফেব্ৰুৱাৰীত দখিল কৰা ২০২৬-২৭ বৰ্ষৰ কেন্দ্ৰীয় বাজেটক আদৰণি জনাইছে শ্যাম ষ্টীল গ্ৰুপৰ পৰিচালন সঞ্চালক ললিত বেৰিৱালাই। তেওঁ কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ ২০৪৭ চনৰ বিকশিত ভাৰত গঢ়াত এই বাজেটে শক্তিশালী আধাৰ সৃষ্টি কৰিলে।
ৰে'ল নেটৱৰ্কৰ সম্প্ৰসাৰণ যোগাযোগ ব্যৱস্থাৰ ক্ষেত্ৰত ৰাজপথৰ দ্রুত উন্নয়ন, মূলধনী ব্যয় ৯ শতাংশলৈ বৃদ্ধি কৰা (২০২৬-২৭ বৰ্ষৰ বাবে সার্বজনীন পুঁজিগত ব্যয় ১২.২ ট্রিলিয়নলৈ বৃদ্ধি কৰা) আৰু নিৰ্মাণ খণ্ডৰ বিকাশৰ জৰিয়তে ভাৰতৰ আন্তঃগাঁথনিৰ ৰাজহাড় শক্তিশালী কৰাৰ লগতে গুণগত তীখা (ষ্টীল)ৰ চাহিদা বৃদ্ধি কৰিব বুলি তেওঁ কয়।
দ্বিতীয় আৰু তৃতীয় স্তৰৰ চহৰসমূহত আন্তঃগাঁথনিৰ উন্নয়নৰ প্রস্তাৱে তীখা, চিমেণ্ট আৰু অন্যান্য নির্মাণ খণ্ডত ব্যৱহৃত সামগ্ৰীৰ ক্ষেত্ৰখনৰ উন্নয়ন ত্বৰান্বিত কৰাৰ লগতে কর্মসংস্থাপনৰ সুযোগো বৃদ্ধি কৰিব বুলি বেৰিৱালাই প্রকাশ কৰে।