পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰা বৃহৎ চক্র উৎখাত

dainik janambhumi March 24, 2026

ডিজিটেল ডেস্ক : পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰা এটা বৃহৎ চোৰাংচোৱা নেটৱৰ্ক উত্তৰ প্রদেশ আৰক্ষীৰ জালত পৰিছে। আৰক্ষীয়ে ইতিমধ্যে চোৰাংচোৱাগিৰিত জড়িত ২২জন লোকক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ হোৱাসকলৰ বেছিভাগেই কিশোৰ। গাজিয়াবাদৰ কৌশম্বী আৰক্ষীয়ে প্রথমে এই চক্ৰটোৰ তথ্য লাভ কৰে। আৰক্ষীয়ে প্রথমে কিছুসংখ্যক কিশোৰ আৰু যুৱকে সন্দেহজনক কাম-কাজ কৰি থকাৰ কথা ধৰা পেলায়। পৰৱৰ্তী সময়ত অভিযান চলাই এয়া যে এক সংগঠিত অপৰাধ সেয়া নিশ্চিত কৰে। 

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে, উত্তৰ প্ৰদেশৰ ভোভাপুৰৰ একাংশ যুৱক আৰু কিশোৰে ৰে'ল ষ্টেছন, সামৰিক শিবিৰ আদিৰ ফটো লোৱা তেওঁলোকে লক্ষ্য কৰি আহিছিল। সন্দেহ বশতঃ আৰক্ষীয়ে ছজন লোকক গ্ৰেপ্তাৰ কৰাৰ পাছত তেওঁলোকৰ ম'বাইল ফ'নৰ বিভিন্ন তথ্যই এটা ডাঙৰ ষড়যন্ত্ৰৰ উমান দিয়ে। আৰক্ষীয়ে লোককেইজনৰ ফ'নৰ গেলেৰীত বিভিন্ন সেনা শিবিৰৰ ফটো-ভিডিঅ', ৰে'ল ষ্টেছনৰ ফটো আদি লাভ কৰে আৰু এইবোৰ পাকিস্তানলৈ প্ৰেৰণৰ তথ্য লাভকৰে। পৰৱৰ্তী সময়ত উত্তৰ প্ৰদেশ আৰক্ষীয়ে ক্রাইম ব্রাঞ্চ, চাইবাৰ ক্রাইম, চোৰাংচোৱা, আৰক্ষী আদিৰ বিষয়াৰে বিশেষ তদন্তকাৰী গোট (এছ আই টি) গঠন কৰি তদন্ত আৰম্ভ কৰে। 

এছ আই টিয়ে তদন্ত চলাই সোমবাৰ পৰ্যন্ত এই চক্ৰৰে জড়িত ২২জন লোকক গ্ৰেপ্তাৰ কৰিছে। পাকিস্তানলৈ ভাৰতৰ গোপন তথ্য প্ৰেৰণৰ বাবে এই কিশোৰ আৰু যুৱকসকলক ব্যৱহাৰ কৰি অহা হৈছে। পাকিস্তানৰ এটা চক্রই একোটা এনে কামৰ বিনিময়ত এজন যুৱক-কিশোৰক ৫ৰ পৰা ২০ হাজাৰ টকা পর্যন্ত প্রদান কৰে। এই গ্ৰেপ্তাৰ হোৱাসকলৰ কেইবাজনেও ইতিমধ্যে জম্মু আৰু কাশ্মীৰৰ পুলৱামাও ভ্ৰমণ কৰিছে। পাকিস্তানে কাশ্মীৰত পুলৱামাৰ দৰেই এটা বৃহৎ আক্ৰমণৰ প্ৰস্তুতি কৰা বুলিও আৰক্ষীয়ে সন্দেহ কৰিছে।

Share This