ডিজিটেল ডেস্ক : ১৯ অক্টোবৰত অযোধ্যাত অনুষ্ঠিত হ'বলগীয়া নৱম 'দীপোৎসৱ'ত সৰযুৰ পাৰৰ ঘাটবোৰত (ৰাম কী পৈড়ী) থাকিব ৰংগোলী, ৮০,০০০ বন্তি আৰু ২০টা বিশেষ 'ছেল্ফি পইন্ট'। উত্তৰ প্ৰদেশ চৰকাৰে এই বছৰ মন্দিৰ নগৰত জাকজমকতাৰে দীপাৱলী পালন কৰাৰ কথা ঘোষণা কৰিছে।
চৰকাৰে ঘোষণা কৰা মতে, সৰযু নদীৰ ঘাটৰ শৃংখলা বা ৰাম কী পৈড়ীত যি 'ৰংগোলী'ৰ প্ৰস্তুতি চলিছে, সি হ'ব সর্বকালৰ ভিতৰত সৰ্ববৃহৎ। এই ৰংগোলী ৮০,০০০ বন্তিৰে উজলি উঠিব। ৰামায়ণত বর্ণিত ঘটনাৰ ভিত্তিত ধৰমপথ, লতা চক, ৰাম কী পৈড়ী আৰু ৰামকথা পাৰ্ককে ধৰি প্ৰধান স্থানসমূহত থাকিব ২০টা ছেল্ফি পইন্ট।
ৰংগোলীৰ চানেকিত থাকিব কলহ, স্বস্তিকা আৰু পদুম ফুল। অযোধ্যাৰ ড° ৰাম মনোহৰ লোহিয়া অৱধ বিশ্ববিদ্যালয়ৰ শিল্প বিভাগৰ ৫০ গৰাকী শিক্ষার্থীয়ে এই ৰংগোলী প্রস্তুত কৰিছে।