পাকিস্তানত আই এছ আইৰ সমৰ্থনত আইছিছৰ সৈতে লস্কৰ সন্ত্রাসবাদীৰ মিত্ৰজোঁট

dainik janambhumi October 09, 2025

ডিজিটেল ডেস্কঃ ভাৰতীয় সামৰিক বাহিনীয়ে পাকিস্তানৰ বিৰুদ্ধে চলোৱা 'অপাৰেশ্যন সেন্দূৰ'ৰ সময়ত বিধ্বস্ত হোৱা পাকিস্তান-ভিত্তিক হাফীজ ছয়ীদ নেতৃত্বাধীন সন্ত্রাসবাদী সংগঠন লস্কৰ-এ-টয়বাই (এল ই টি) আইছিছৰ সন্ত্রাসবাদী গোট, ইছলামিক ষ্টেট খৰাছান প্রভিন্সৰ (আই এছ কে পি) সৈতে এটা মিত্ৰজোঁট গঠন কৰিছে। এই সন্ত্রাসবাদীৰ সংগঠন দুটা একগোট হোৱাৰ দিশত পুঁজি দি পাকিস্তানী চোৰাংচোৱা সংগঠন আই এছ আয়ে সমর্থন জনাইছে।

আই এছ আয়ে এই সন্ত্রাসবাদীৰ মিত্রজোঁটটোক বেলুচ যুঁজাৰুৰ বিৰুদ্ধে যুঁজিবলৈ আৰু ভাৰতৰ জম্মু-কাশ্মীৰত সন্ত্রাসবাদৰ কাৰ্য চলাবলৈ নির্দেশ দিছে। ভাৰতীয় চোৰাংচোৱাই লাভ কৰা শেহতীয়া তথ্যত এই কথা প্রকাশ পাইছে। শেহতীয়াকৈ প্ৰচাৰ হোৱা এটা ভিডিঅ'ত দেখা গৈছে যে আইছিছৰ সন্ত্রাসবাদী সংগঠনটোৰ বেলুচিস্তানৰ বাবে সমন্বয়ক হিচাপে আই এছ আয়ে নিয়োগ কৰা মীৰ ছাফিক মেংগালে এল ই টিৰ জ্যেষ্ঠ কমাণ্ডাৰ ৰাণা মহম্মদ আছফাকক এই মিত্রজোঁটৰ চিন স্বৰূপে এটা পিষ্টল অর্পণ কৰাৰ দৃশ্য। ভাৰত-বিৰোধী অভিযানৰ বাবে আই এছ আইৰ পৃষ্ঠপোষকতাত দুই সন্ত্রাসবাদী সংগঠনৰ এই মিত্ৰতাই আহি থকা দিনবোৰত ভাৰতলৈ বিপদ অনাৰ আশংকা কৰিছে ভাৰতীয় চোৰাংচোৱা সংস্থাসমূহে।

Share This