যোৰহাট সাহিত্য উৎসৱ, লক্ষ্মীনাথ তামুলীক 'যোৰহাট প্রজ্ঞাৰত্ন' সন্মান প্রদান

dainik janambhumi January 27, 2026

ডিজিটেল ডেস্ক: ৰাজ্যৰ চিন্তাশীল লেখক, অসম প্রকাশন পৰিষদৰ প্ৰাক্তন সচিব লক্ষ্মীনাথ তামুলীক দেওবাৰে যোৰহাট প্ৰজ্ঞাৰত্ন তৃতীয় বার্ষিক যোৰহাট সাহিত্য উৎসৱ-২০২৬ সন্মান প্রদান কৰে। 

যোৰহাট সাহিত্য মঞ্চৰ উদ্যোগত যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ প্ৰেক্ষাগৃহত শিক্ষাবিদ মুকুল চলিহা সোঁৱৰণী ক্ষেত্ৰত অনুষ্ঠিত মুকলি সভাত বিশিষ্ট লেখকগৰাকীক যোৰহাট প্রজ্ঞাৰত্ন সন্মান আগবঢ়ায়। বিশিষ্ট সাহিত্যিক, সাহিত্য কর্মীসকলৰ উপস্থিতিত এই সন্মান প্রদান কৰা অনুষ্ঠানটোত সাহিত্যিক লক্ষ্মীনাথ তামুলীয়ে কয় যে ভাষা এটা কৈ নাথাকিলে ভাষাটো ৰৈ নাথাকে। 

সাহিত্য জীয়াই থাকিবলৈ পাঠক লাগে। আমি পাঠক কিমান সৃষ্টি কৰিছোঁ। ১৯৭২ চনত মাত্ৰ দুখন ইংৰাজী মাধ্যমৰ বিদ্যালয় আছিল। এতিয়া বহুত ইংৰাজী মাধ্যমৰ বিদ্যালয় হ'ল। ইয়াৰ বিপৰীতে পোন্ধৰ হাজাৰৰ অধিক চৰকাৰী বিদ্যালয় বন্ধ কৰিছে। তেওঁ কয় যে কোনো মানুহে ব্যাকৰণ পঢ়ি ভাষা নিশিকে। মুখৰ সুখৰ বাবে ভাষা কয়। ভাষা হৈছে মুখৰ সুখ। যোৰহাট সাহিত্য মঞ্চৰ মুখ্য পৰামৰ্শদাতা ড° বিনোদ কুমাৰ গগৈ আৰু সভাপতি হেমচন্দ্ৰ শইকীয়াৰ সঞ্চালনাত অনুষ্ঠিত সভাখনত গল্পকাৰ-ঔপন্যাসিক অনন্ত কুমাৰ শৰ্মাক জীৱনজোৰা সাধনা বঁটা, সোমেন্দ্র নাথ বুঢ়াগোহাঁই আৰু লেখিকা শর্মিষ্ঠা প্রীতমক যোৰহাট সাহিত্য বঁটা, কবি প্রাঞ্জল প্রতীমক সম্ভাৱনা বঁটা, কিশোৰ বড়োক প্ৰণৱজ্যোতি চেতিয়া সোঁৱৰণী কাব্য বঁটা প্রদান কৰা হয়। সভাখনত প্রতাপ চন্দ্ৰ বৰুৱা, ড° নাজৰীনা আহমেদ, প্রতাপ চন্দ্র শর্মা, বিপিন খঙীয়াক সম্বর্ধনা জনোৱা হয়। 

অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, গল্পকাৰ সাহিত্যিক কুলধৰ শইকীয়াই কবি-গল্পকাৰ-নিবন্ধকাৰ পাৰ্থ বিজয় দত্ত সোঁৱৰণী লেখক-পাঠক আড্ডাত অংশ গ্রহণ কৰি ভাষণত কয় যে ভাষা এটা শিশুৰ নিচিনাকৈ লালন পালন কৰি আগুৱাই নিব লাগিব। এইবছৰ ইংৰাজী ভাষাত ২২টা নাইজেৰিয়ান শব্দ সংযোগ কৰিছে। আমি আমাৰ ভাষাটো আগুৱাই নিবলৈ এনে কাম কেইটা কৰিছোঁ? ভাষা অকল ব্যাকৰণ, বাক্য গঠন, শব্দ গঠনেৰে নহয়। ভাষাৰ দ্বাৰা একো একোটা সম্প্রদায় চিনাক্তকৰণ হয়। আমি ভাষাটোক লালন-পালন কৰিব লাগিব বুলি উল্লেখ কৰি কুলধৰ শইকীয়াই কয় যে অসমীয়া ভাষাৰ ইণ্টাৰনেটত সমল নাথাকিলে ভাষাটো দুৰ্বল হৈ পৰিব। সভাখনত বিশিষ্ট লেখক, উপাচার্য ড° হিতেশ ডেকা, নিবন্ধকাৰ মুকুট শৰ্মা উপস্থিত থাকি ভাষণ আগবঢ়ায়। ইফালে, লেখক ৰমানন্দন বৰাই পৰিচালনা কৰা লেখক-পাঠক আড্ডাত সাহিত্য সমালোচক অসীম চুতীয়া, গল্পকাৰ আকাশদীপ্ত ঠাকুৰ, শিশু সাহিত্যিক জুৰি শইকীয়া, ভূতাত্ত্বিক ড° ৰক্তিম ৰঞ্জন শইকীয়া, লেখক ববিতা শর্মাকে ধৰি বহুকেইগৰাকী লেখকে বিভিন্ন সাহিত্য বিষয়ত ভাষণ আগবঢ়ায়। অনুষ্ঠানটোত বিশিষ্ট অতিথি অতিথিসকলে সাহিত্যিক লক্ষ্মীনাথ তামুলীৰ 'এ হিষ্টৰী অব্ আছাম চিভিল ছার্ভিচ' গ্রন্থ উন্মোচন কৰে। স্তম্ভ লেখক সঞ্জীত কুমাৰ বৰদলৈৰ 'থিংক আউট অব দ্য বক্স আৰু অন্যান্য ৰচনা' গ্রন্থখন উন্মোচন কৰে ড° কুলধৰ শইকীয়াই। 

বঁটা প্রাপকসকলে অনুভৱ ব্যক্ত কৰা সভাখনত সুলেখিকা লীনা শর্মায়ো অংশ গ্রহণ কৰে। ইয়াৰ পূৰ্বে পশ্চিম যোৰহাট জাতীয় বিদ্যালয় দহোটীয়া আৰু সব্যসাচী প্রকাশনৰ সহযোগত যোৰহাট সাহিত্য মঞ্চৰ প্রতিষ্ঠাপক মুখ্য পৰামৰ্শদাতা ইন্দ্ৰজিৎ কুমাৰ বৰুৱাৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। বিশিষ্ট সমাজকর্মী হেমন্ত কলিতাই ইন্দ্রজিৎ কুমাৰ বৰুৱাৰ প্ৰতিচ্ছবিৰ সন্মুখত এগছি বন্তি প্রজ্বলন কৰি ইন্দ্ৰজিৎ কুমাৰ বৰুৱাৰ জীৱন-কৰ্মৰ আলোকপাত কৰে। সভাত পশ্চিম যোৰহাট জাতীয় বিদ্যালয় দহোটীয়াৰ শিক্ষার্থীসকলে এটি প্রার্থনা পৰিৱেশন কৰে। সভাত সমাজকর্মী মল্লিকা ৰহমান, যোৰহাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° ৰাতুল চন্দ্ৰ বৰা, পশ্চিম যোৰহাট জাতীয় বিদ্যালয় দহোটীয়াৰ সঞ্চালক ৰঞ্জিত কুমাৰ বৰা, পৰিয়ালৰ হৈ উদ্ধৱ হাজৰিকা আৰু সব্যসাচী প্রকাশনৰ ৰেখা খাওন্দে বক্তব্য আগবঢ়ায়। 

উল্লেখযোগ্য যে মেলামুখিতাৰ পৰিৱৰ্তে পঠন, মন্থন আৰু নিৰ্মাণৰ অতুল্য বাতাৱৰণ গঢ়ি তোলাৰ সমান্তৰালকৈ সুস্থ-সবল আৰু পৰিশীলিত বৌদ্ধিক পৰিমণ্ডল সৃষ্টিৰে অসমীয়া সাহিত্যক বিশ্বমুখী কৰাৰ প্ৰয়াসেৰে পূৰ্বৰ দৰে এইবাৰো দুদিনীয়া কাৰ্যসূচীৰে 'তৃতীয় বার্ষিক যোৰহাট সাহিত্য উৎসৱ-২৬' আয়োজন কৰা হৈছে।

Share This