ডিজিটেল ডেস্ক: অসমৰ প্রথমগৰাকী অলিম্পিক পদকজয়ী লাভলীনা বৰগোহাঁয়ে নৱম এলিট ৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপত কালি জয়েৰে অভিযান আৰম্ভ কৰিছে। উত্তৰ প্ৰদেশৰ নয়দাত আৰম্ভ হোৱা (৪-১২) জানুৱাৰীত শীর্ষ প্রতিযোগিতাখনত লাভলীনাই কালি পঞ্জাৱৰ প্রতিপক্ষক ৫-০ মসৃন ব্যৱধানত পৰাজিত কৰি কোৱার্টাৰ ফাইনেলত প্রৱেশ কৰে।
অসমৰ আন তিনিগৰাকী বক্সাৰ ক্রমে মহিলাৰ শাখাত কম্পি বড়োৱে তেলেংগানাৰ প্রতিপক্ষক ৫-০, পুৰুষত জোনেইদ আন্নানে বিহাৰৰ প্রতিপক্ষক ৫-০ৰ ব্যৱধানত পৰাস্ত কৰে। অসমৰ আনগৰাকী মহিলা খেলুৱৈ গীতিমণি গগৈয়ে। উত্তৰাখণ্ডৰ প্রতিপক্ষৰ খেলৰ আধাতে ৰিং ত্যাগ কৰিবলৈ বাধ্য কৰি কোৱার্টাৰ ফাইনেলত প্রৱেশ কৰে। অসম দলৰ প্রশিক্ষক প্রণামিকা বৰা, ত্রিদীপ বৰা, ইনামুল হুছেইন আৰু মেনেজাৰ ৰূপে আছে মন্টু ইংজেল।