এছিয়ান বক্সিং চেম্পিয়নশ্বিপ, ভাৰতীয় দলৰ নেতৃত্বত লাভলীনা

dainik janambhumi March 01, 2026

ডিজিটেল ডেস্ক: অসম কন্যা লাভলীনা বৰগোহাঁই আৰু দুবাৰৰ বিশ্ব চেম্পিয়ন নিকহট জৰীনে ২৮ মাৰ্চৰ পৰা ১১ এপ্রিললৈ মংগোলিয়াত অনুষ্ঠিত হ'বলগীয়া এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ২০জনীয়া ভাৰতীয় দলটোক নেতৃত্ব দিব। 

ভাৰতে প্রায় এমাহ ধৰি গভীৰভাৱে বিচাৰ-বিবেচনা কৰাৰ পাছত প্রতিযোগিতাৰ বাবে ২০জনীয়া ভাৰতীয় দলটো বাছনি কৰে। যোৱা মাহত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপৰ পাছত সম্ভাব্য খেলুৱৈসকলে পাটিয়ালাত অনুষ্ঠিত ৰাষ্ট্ৰীয় শিবিৰত অংশগ্ৰহণ কৰিছিল। বাছনী নীতি অনুসৰি এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ফাইনেলত উপনীত হোৱা খেলুৱৈসকলক কমনৱেলথ গেমছ আৰু এছিয়ান গেমছৰ বাবে বাছনি কৰা হ'ব। সেয়েহে, মংগোলিয়াত অনুষ্ঠিত হ'বলগীয়া প্রতিযোগিতাখনৰ গুৰুত্ব বৃদ্ধি পাইছে। 

স্পেইনত অলপতে বক্সিং এলিট চেম্পিয়নশ্বিপত স্বর্ণপদক জয় কৰা লাভলীনাই (৭৫ কেজি) মহিলাৰ দলটোক নেতৃত্ব দিব। স্পেইনত স্বর্ণপদক জয় কৰা আন খেলুৱৈসকল ক্রমে প্রীতি, অৰুন্ধতী আৰু প্রিয়াকো ভাৰতীয় দলত লোৱা হৈছে। 

বৰ্তমানৰ বিশ্ব চেম্পিয়ন মীনাক্ষি (৪৮ কেজি) আৰু জেছমিনকো (৫৭) দলত লোৱা হৈছে। বিশ্ব বক্সিং কাপৰ ফাইনলৰ স্বর্ণপদক বিজেতা নিকহট জৰিন (৫১ কেজি) অংকুশিতা বড়ো (৬৫ কেজি), পূজা ৰাণী (৮০ কেজি) আৰু আফিয়া তৰন্মুম আক্ৰম খান পাঠানক (৮০ কেজিৰ ঊর্ধ্বৰ) দলত লোৱা হৈছে। পুৰুষৰ দলটোক নেতৃত্ব দিব স্পেইনত স্বর্ণপদক বিজয়ী শচীনে (৬০ কেজি)। তেওঁৰ লগতে আকাশকো (৭৫ কেজি) দলত লোৱা হৈছে।

Share This