পাকিস্তানত এল ই টিৰ কমাণ্ডাৰক হত্যা 

dainik janambhumi May 19, 2025

ডিজিটেল ডেস্কঃ পাকিস্তানৰ সিন্ধু প্রদেশত দেওবাৰে বিয়লি অচিনাক্ত বন্দুকধাৰীয়ে লস্কৰ-এ-টয়বাৰ (এল ই টি) এটা দুর্ধর্ষ সন্ত্রাসবাদীক গুলীয়াই হত্যা কৰে। এল ই টিৰ নিহত ৰাজউল্লা নিজামনি ওৰফে গাজী আৰু চৈফুল্লা খালিদ নামৰ সন্ত্রাসবাদীটো ২০০৬ চনত আৰ এছ এছৰ মুখ্য কার্যালয়ত সংঘটিত আক্ৰমণৰ লগত জড়িত আছিল। ভাৰতীয় চোৰাংচোৱা সংস্থাৰ বিষয়াসকলে প্রকাশ কৰা অনুসৰি, দেওবাৰে বিয়লি এল ই টিৰ সন্ত্রাসবাদীটোৱে পঞ্জাবৰ সিন্ধু প্রদেশৰ বাদিন জিলাৰ মাটলিত থকা ঘৰৰ পৰা বাহিৰলৈ ওলাওঁতেই অজ্ঞাত বন্দুকধাৰীয়ে গুলীয়াই হত্যা কৰে। 

উল্লেখযোগ্য যে পহলগাম-কাণ্ড আৰু 'অপাৰেশ্যন সেন্দূৰ'ৰ পাছত পাকিস্তানী সেনা আৰু আই এছ আয়ে কৈছিল যে সকলো এল ই টিৰ নেতা আৰু জ্যেষ্ঠ সদস্যক মুকলিকৈ ঘূৰিব দিয়া নহ'ব। ভাৰতীয় চোৰাংচোৱা বিভাগৰ এজন বিষয়াই কয় যে এল ই টিৰ মুৰব্বী হাফিজ ছৈয়দৰ ঘনিষ্ঠ সহযোগী আছিল আজি নিহত হোৱা চৈফুল্লা খালিদ নামৰ সন্ত্রাসবাদীটো। 

পাকিস্তানী সংবাদ মাধ্যমেও দুর্ধর্ষ সন্ত্রাসবাদীটোক অজ্ঞাত বন্দুকধাৰীয়ে গুলীয়াই হত্যা কৰাৰ বিষয়ে প্রকাশ কৰিছে। দেওবাৰে নিহত সন্ত্রাসবাদীটো ২০০৫ চনত বেংগালুৰুৰ ইণ্ডিয়ান ইনষ্টিটিউট অব্ ছায়েন্সত কৰা আক্ৰমণ আৰু ৰামপুৰত চি আৰ পি এফৰ কেম্পত কৰা সন্ত্রাসবাদীৰ আক্ৰমণৰ লগতো জড়িত আছিল। ছৈফুল্লা খালিদে বর্তমান সন্ত্রাসবাদী সংগঠন এল ই টিৰ দ্বিতীয় কমান্ডিং হিচাপে আছিল। 


তদুপৰি ২০০০ চনত নেপালত এল ই টিৰ সন্ত্রাস অভিযানত নেতৃত্ব দিছিল এই সন্ত্রাসবাদীটোৱে। তদুপৰি, ইণ্ডো-নেপাল সীমান্তত বিভিন্ন সন্ত্রাসবাদী কাৰ্যকলাপৰ নেতৃত্ব দিছিল। এই সন্ত্রাসবাদীটোৱে ভাৰতত ইয়াক উৎখাত কৰাৰ পাছত পাকিস্তানলৈ ঘূৰি আহিছিল। পাকিস্তানত এল ই টি আৰু জামাত-উড-ডাৱাহৰ নেতা ইউছুফ মুজামিলৰ ঘনিষ্ঠ সহযোগী হিচাপে কাম কৰি আছিল। পাকিস্তানত এল ই টিৰ সদস্যভর্তি আৰু পুঁজি সংগ্রহ অভিযানত নিহত ছৈফুল্লা খালিদ জড়িত আছিল। 'অপাৰেশ্যন সেন্দুৰ'ৰ সময়ত ভাৰতে পাকিস্তানৰ সন্ত্রাসবাদীৰ ঘাটিত আক্রমণ কৰোঁতে কেনেবাকৈ পলায়ন কৰিবলৈ সক্ষম হৈছিল এই দুর্ধর্ষ সন্ত্রাসবাদীটো।

Share This