ছয় কোটি টকাত নিলাম কবিগুৰু ৰবীন্দ্ৰনাথৰ পত্ৰ, ১.০৪ কোটি টকাত মূর্তি

dainik janambhumi July 01, 2025

ডিজিটেল ডেস্ক : কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰে হাতে লিখা একাংশ পত্র প্রায় ছয় কোটি টকাত আৰু তেওঁ নিৰ্মাণ কৰা এটা মূর্তি এক কোটি টকাতকৈ অধিক দামত নিলাম হয়। কলকাতাৰ অষ্টগুৰুৱে যোৱা ২৭ আৰু ২৮ জুনত এই নিলামৰ আয়োজন কৰিছিল আৰু ইয়াৰ নাম দিয়া হৈছিল 'কলেক্টৰ্ছ চইচ'। নিলামত নোবেল বঁটাবিজয়ী কবিগুৰুৰ ৩৫খন হাতে লিখা পত্ৰ আৰু ১৪টা লেফাফা বিক্ৰী কৰা হয়। এই পত্ৰ আৰু লেফাফাৰ মুঠ মূল্য আছিল ৫.৯ কোটি টকা। নিলামৰ ডাকত এই পত্ৰসমূহৰ প্ৰাৰম্ভিক দাম নির্ধাৰণ কৰা হৈছিল ৫.৬ কোটি টকা আৰু নিলামত ৬-৭ কোটি টকা দাম পোৱা যাব বুলি আশা কৰা হৈছিল। 

আনহাতে ১.০৪ কোটি টকাত নিলাম হোৱা মূর্তিটো কবিগুৰুৱে নিজ হাতেৰে তৈয়াৰ কৰিছিল। অষ্টাগুৰুৱে প্রকাশ কৰা মতে দ্য হার্ট নাম দিয়া এই মূর্তিটো ৰবীন্দ্ৰ নাথ ঠাকুৰৰ ভাতৃ জ্যোতিৰিন্দ্ৰনাথৰ পত্নী কাদম্বৰীৰ নামত উৎসর্গিত আছিল। নিলাম হোৱা পত্রসমূহ ১৯২৭-১৯৩৬ চনৰ ভিতৰত লিখা আৰু সকলো পত্র সমাজবিদ তথা সংগীতজ্ঞ আৰু ৰবীন্দ্ৰনাথৰ অতি আস্থাবান ব্যক্তি ধূর্জতিপ্রসাদ মুখার্জীলৈ প্ৰেৰণ কৰা। 

ইয়াৰে ১২খন পত্ৰ বিশ্ব ভাৰতী, তেওঁৰ উত্তৰায়ণত থকা বাসভবন, দার্জিলিঙৰ গ্লেন ইডেন আৰু তেওঁৰ হাউছব'ট পদ্মাৰ পৰা লিখা হৈছিল। অষ্টগুৰৰ মুখ্য বাণিজ্যিক বিষয়া মনোজ মনছুখানীৰ মতে, এই পত্রবিলাক কেবল কবিগুৰৰ সাহিত্যিক সংগ্রহেই নাছিল, এইবিলাক নোবেল বঁটা বিজয়ীজনে নিজৰ ভাষাত লিখা আত্ম-চিত্র। আনহাতে মূর্তিটো ১৮৮৩ চনত কৰ্ণাটকৰ উপকূলীয় চহৰ কাৰবাৰত তেওঁ মাত্র ২২ বছৰ বয়সত সৃষ্টি কৰিছিল।

Share This