আদানিৰ কোম্পানীত ৩৩ হাজাৰ কোটি টকা বিনিয়োগৰ বাবে হেঁচা দিছিল এল আই চিক, ভাৰত চৰকাৰৰ বিৰুদ্ধে 'ৱাশ্বিংটন প'ষ্ট'ত বিস্ফোৰক প্ৰতিবেদন

dainik janambhumi October 26, 2025

ডিজিটেল ডেস্ক : লোকচানৰ আশংকা থকা সত্ত্বেও আদানিৰ এটা কোম্পানীত ৩.৯ বিলিয়ন ডলাৰ (প্রায় ৩৩ হাজাৰ কোটি টকা) বিনিয়োগ কৰিবলৈ জীৱন বীমা নিগমক (এল আই চি) নির্দেশ দিয়াৰ এটা প্ৰস্তাৱ ভাৰতৰ বিত্ত মন্ত্ৰ্যালয়ে মে' মাহত খৰধৰকৈ গ্ৰহণ কৰিছিল। আমেৰিকাৰ 'ৱাশ্বিংটন প'ষ্ট'ত প্রকাশ পোৱা এই বিষয়ৰ এখন প্রতিবেদনে চাঞ্চল্য সৃষ্টি কৰিছে। প্রতিবেদনখনৰ মতে, ডলাৰৰ ঋণগ্রস্ততাত পীড়িত অৱস্থাৰ মাজতে কোম্পানীটোক পুনৰ পুঁজিৰ প্ৰয়োজন হোৱাৰ সময়ৰ সংকটকালতে এই প্রস্তাৱ গ্ৰহণ কৰা হৈছিল। প্রাংশু বাৰ্মা আৰু ৰবি নায়াৰে প্ৰস্তুত কৰা প্ৰতিবেদনত এই কথা কোৱা হৈছে। 

উল্লেখযোগ্য যে সৌৰ প্ৰকল্পৰ ঠিকা লাভ কৰিবলৈ ভাৰতৰ চৰকাৰী বিষয়াক মুঠ ২৬৫ নিযুত ডলাৰ উৎকোচ দিবলৈ মান্তি হোৱাৰ বাবে ২০২৪ চনত আমেৰিকাৰ চৰকাৰী গুচৰীয়াই উদ্যোগপতি গৌতম আদানিকে ধৰি ৮জন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। উক্ত অভিযোগকৰণৰ বাবে বিশ্বৰ বেংকসমূহে আদানিৰ কোম্পানীক ঋণ দিবলৈ অমান্তি হৈছিল। ২০২৫ চনৰ ৩০ মে'ত ভাৰতৰ বৃহত্তম সংহত পৰিবহণ কোম্পানী আদানি প'র্টছ স্পেচিয়েল ইক 'নমিক জ'ন লিমিটেডে (এপছেজ) ১৫ বছৰীয়া নন কনভার্টিবল ডিবেনছাৰৰ (এন চি ডি-বিনিময় অযোগ্য ঋণপত্র) যোগেদি ৫,০০০ কোটি টকাৰ মূলধন সংগ্রহ কৰা বুলি ঘোষণা কৰিছিল। 

এপছেজে দাবী কৰিছিল যে 'এপছেজৰ শক্তিশালী বিত্তীয় আৰু এক এ এ এ/সুস্থিৰ দেশীয় ক্রেডিট ৰেটিঙৰ সাক্ষ্য-প্রমাণৰ বাবে' কুপন ৰে'ট ৭.৭৫ শতাংশ হাৰত এল আই চিয়ে উক্ত এন চি ডি সম্পূর্ণভাৱে অনুমোদন (ছাবক্রাইব) জনাইছে। ৱাশ্বিংটন প'ষ্টৰ প্ৰতিবেদনৰ মতে, কেন্দ্রীয় বিত্ত মন্ত্র্যালয়ে প্রস্তাৱ দিছিল যে এল আই চিয়ে ইয়াৰ ৩.৪ নিযুত ব'ণ্ডৰ বিনিয়োগ এপছেজ আৰু আদানি গ্রীন এনার্জি লিমিটেডত কৰক, কাৰণ এওঁলোকে ১০ বছৰীয়া চৰকাৰী প্ৰত্যাভূতিতকৈ (ছিকিউৰিটি) বেছি লাভৰ প্ৰস্তাৱ দিছে। আম্বুজা চিমেণ্ট আৰু গ্রীন এনার্জীকে ধৰি আদানি গ্ৰুপৰ কোম্পানীবোৰত শ্বেয়াৰ বৃদ্ধিত এল আই চিৰ পুঁজি ব্যৱহাৰ কৰিবলৈও বিষয়াসকলে ছুপাৰিছ কৰিছিল। কোৱা হৈছে যে এল আই চি আৰু বিত্তীয় সেৱা বিভাগৰ (ডি এফ এছ) নথি-পত্ৰৰ ভিত্তিত ৱাশ্বিংটন প'ষ্টে অনুসন্ধান কৰি প্ৰতিবেদন প্রস্তুত কৰিছে। এই প্রতিষ্ঠানৰ বৰ্তমান আৰু প্ৰাক্তন বিষয়া তথা আদানি গ্ৰুপৰ বিত্তীয় ক্ষেত্ৰৰ সৈতে পৰিচিত তিনিজন বেংক বিষয়াৰ সাক্ষাৎকাৰেও প্রতিবেদনত সহায় কৰিছে।

Share This