ডিজিটেল ডেস্ক : কেন্দ্ৰীয় চৰকাৰে পথ সুৰক্ষা তথা দুর্ঘটনা প্ৰতিৰোধৰ উদ্দেশ্যে যান-বাহন আইনৰ কিছুমান নিয়ম অধিক কঠোৰ কৰিছে। চৰকাৰে মটৰ বাহন নিয়মত গুৰুত্বপূৰ্ণ সালসলনি কৰিছে। নতুন নিয়মৰ অধীনত বাৰে বাৰে নিময় উলংঘা কৰিলে ড্রাইভিং অনুজ্ঞাপত্র নিলম্বন কৰা হ'ব।
কেন্দ্ৰীয় পথ পৰিবহণ তথা ৰাষ্ট্ৰীয় পথ মন্ত্র্যালয়ে স্পষ্টভাৱে কয় যে এতিয়াৰ পৰা বাৰম্বাৰ হেলমেট নিপিন্ধাকৈ বাইক চলোৱা, ছিট বেল্ট নলগোৱা তথা ৰঙা লাইট জ্বলি থকা অৱস্থাত গাড়ী পাৰ কৰাৰ দৰে অপৰাধ এবছৰত পাঁচবাৰ কৰিলে চালকৰ অনুজ্ঞাপত্ৰত তিনি মাহৰ বাবে নিষেধাজ্ঞা আৰোপ কৰা হ'ব। মন্ত্র্যালয়ে কয় যে এতিয়াৰ পৰা নিয়ম উলংঘাকাৰীয়ে কেৱল জৰিমনা ভৰি সাৰি নাযাব, ইয়াৰ লগতে অনুজ্ঞাপত্ৰ বচাই ৰখাৰ কাৰণে সকলো যান-বাহন আইনৰ সৰু-বৰ সকলো নিয়ম মানি চলিব লাগিব। নতুন যান-বাহন আইনত আৰ টি অ' আৰু জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ক বাৰে বাৰে নিয়ম উলংঘা কৰা বাহনৰ চালকৰ অনুজ্ঞাপত্ৰত নিষেধাজ্ঞা আৰোপ কৰাৰ অধিকাৰ দিয়া হৈছে। অৱশ্যে অনুজ্ঞাপত্ৰত নিষেধাজ্ঞা আৰোপ কৰাৰ আগতে চালকক নিজৰ সমর্থনত বক্তব্য ৰখাৰ সুবিধা দিয়া হ'ব।
মন্ত্রালয়ে এখন অধিসূচনাত এই কথা উল্লেখ কৰি কয় যে নিয়ম উলংঘাৰ গণনা প্রতি বছৰৰ ১ জানুৱাৰীৰ পৰা ৩১ ডিচেম্বৰলৈ গণনা কৰা হ'ব আৰু ইয়াত আগৰ বছৰৰ নিয়ম উলংঘা কৰাৰ হিচাপ ধৰা নহ'ব। ইফালে ৰাষ্ট্ৰীয় ঘাইপথত পূৰ্বৰ টোল দিবলৈ বাকী থকা গাড়ীয়ে এই ধন পৰিশোধ নকৰালৈকে আপত্তি নথকাৰ প্ৰমাণ-পত্র (এন অ' চি), ফিটনেছ চার্টিফিকেট নাপাব। এনে বাহনে বিশেষকৈ বাছ আৰু ট্রাকে নেশ্যনেল পার্মিতো নাপাব।