ডিজিটেল ডেস্ক : সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদবে দীপাৱলী উদ্যাপনৰ বাবে চৰকাৰে কৰা ব্যয়ৰ বিষয়ক লৈ শনিবাৰে প্ৰশ্ন উত্থাপন কৰে। বৰদিন উদ্যাপনৰ দৰে দীপাৱলীও উদযাপন হ'ব লাগে বুলি অখিলেশ যাদৱে মন্তব্য কৰে। সমগ্র বিশ্বত কেনেদৰে বৰদিন উদযাপন কৰে ইয়াৰ পৰা ভাৰতে শিক্ষা ল'ব লাগে বুলি যাদৱে মন্তব্য কৰে। ইয়াৰ পাছতে উত্তৰ প্ৰদেশৰ লগতে সমগ্র দেশত ৰাজনৈতিক পৰিস্থিতি উত্তপ্ত হৈ পৰে।
যাদৱে এখন জনসভাত কৈছিল যে ভগৱান ৰামৰ নাম লৈ তেওঁ এটা পৰামৰ্শ দিব খুজিছে। বৰদিনৰ সময়ত সমগ্র বিশ্বত চহৰবোৰ বিজুলী চাকিৰে আলোকিত হৈ থাকে। আমি তেওঁলোকৰ পৰা শিক্ষা লোৱা উচিত। কিন্তু দীপাৱলীৰ সময়ত আমি চাকি আৰু মম জ্বলাই কিয় ধন খৰচ কৰিব লাগে বুলি তেওঁ প্রশ্ন কৰে। তেওঁ কয় যে আমি চৰকাৰৰ পৰা এইটোৱে আশা কৰিম যে ধুনীয়া ধুনীয়া আৰু অধিক লাইট জ্বলাই দীপাৱলীত আলোকিত কৰক। ইয়াৰ পাছতেই বিজেপিয়ে সমাজবাদী পাৰ্টিৰ সাংসদজনক কঠোৰ সমালোচনা কৰে। বিজেপিয়ে কয় যে অযোধ্যা ২৬ লাখ চাকিৰে আলোকিত হোৱাৰ বাবেহে অখিলেশ যাদৱৰ সমস্যা হৈছে।
উত্তৰ প্ৰদেশত সমাজবাদী পাৰ্টিৰ শাসনৰ সময়ত অযোধ্যা অন্ধকাৰত আছিল। এতিয়া অযোধ্যা আলোকিত হৈছে, সেইবাবে যাদৱৰ সমস্যা হৈছে। বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্র শ্বেহজাদ পুণাৱালাই কয় যে বৰদিন পালনৰ বাবে অখিলেশ যাদৱ ভেটিকান চিটিলৈ যাব লাগে। হিন্দু সংগঠন বিশ্ব হিন্দু পৰিষদে কয় যে ভাৰতীয় সংস্কৃতিৰ ওপৰত যাদৱে বিদেশী পৰম্পৰা জাপি দিব খুজিছে।