ডিজিটেল ডেস্ক : উত্তৰ প্ৰদেশ আৰু বিহাৰৰ বিভিন্ন অঞ্চলত প্রবল ধুমুহা, বৰষুণ, শিলাবৃষ্টি আৰু বজ্রপাতৰ ঘটনাত কমেও ৪৫ গৰাকী লোকৰ প্ৰাণহানি হৈছে। সোমবাৰৰ পৰা দুয়োখন ৰাজ্যত হোৱা এই বৰষুণ সম্বন্ধীয় ঘটনাত উত্তৰ প্ৰদেশত ২৪জন আৰু বিহাৰত ২১জন লোকৰ মৃত্যু হৈছে। আনহাতে, সোমবাৰৰ পৰা ৰাজ্যদুখনৰ বিভিন্ন অঞ্চলত বৰষুণ সম্বন্ধীয় ঘটনাত জনজীৱন স্তব্ধ হৈ পৰে আৰু খেতিপথাৰৰ বিস্তৰ ক্ষতি হয়।
প্রবল ধুমুহা-ধেৰেকনিত বহু অঞ্চলত বিদ্যুৎ যোগান ব্যাহত হয়। আনহাতে, উত্তৰ প্ৰদেশৰ লক্ষ্ণৌসহ ৫০খন জিলাত প্রবল ধুমুহা-বৰষুণৰ সতর্কবাণী জাৰি কৰা হৈছে। ইফালে, বিহাৰৰ ঔৰংগবাদ, গয়া, ৰোহতাস, ভোজপুৰ, বৈশালী, পূব ছম্পাৰণ, সীতামাৰী আদি এলেকাত অধিক ক্ষতিসাধন হৈছে।
তদুপৰি, দিল্লী আৰু ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত (এন চি আৰ) প্রবল ধুমুহাৰ আগজাননী দিয়া হৈছে। মঙলবাৰে বতৰ বিজ্ঞান বিভাগে অঞ্চলটোত প্রতি ঘণ্টাত ৭৫ কিল'মিটাৰ বেগেৰে ধুমুহা অহাৰ সতর্কবাণী দিছে।