নিৰ্বাচনৰ বতৰত ৰাজ্যত ৰন্ধন গেছৰ চিলিণ্ডাৰক লৈ অনিশ্চয়তা অব্যাহত, মধ্যপ্রাচ্যৰ দৰেই গৃহিণীৰ ৰান্ধনীঘৰতো সংকট

dainik janambhumi March 25, 2026

ডিজিটেল ডেস্ক: মনোনয়ন-পত্র দাখিলৰ উল্লাসেৰে ৰাজ্যত নির্বাচনী পৰিৱেশ আৰম্ভ হোৱাৰ সময়তে গৃহিণীৰ ৰান্ধনিঘৰত ৰন্ধন গেছৰ অভাৱে গৃহস্থক ব্যতিব্যস্ত কৰি তোলাত বহু পৰিয়ালত এতিয়া মধ্য প্রাচ্যৰ দৰেই আৰম্ভ হৈছে আন এক অঘোষিত খণ্ড যুদ্ধ। ফলত ৰন্ধন গেছৰ চিলিণ্ডাৰ এটা বিচাৰি হাবাথুৰি খোৱা গৃহস্থক চিলিণ্ডাৰ এটা যোগাৰ কৰিব আনিব নোৱাৰিলে ল'ৰা-ছোৱালীকেইটাক ভাতমুঠি কেনেকৈ দিম বুলি গৃহিণীয়ে উপর্যুপৰি প্ৰশ্নৰে থকা-সৰকা কৰাত অঞ্চল বিশেষে এতিয়া তেনে ভুক্তভোগী একাংশ গৃহস্থ নির্বাচনী কামত আশা কৰা মতে জড়িতও হ'ব পৰা নাই। 

উল্লেখযোগ্য যে সাম্প্রতিক সময়ত দেখা দিয়া ৰন্ধন গেছৰ চিলিণ্ডাৰৰ সংকটত জৰ্জৰিত অসমৰ একাংশ গ্রামাঞ্চলৰ এয়াই আজিৰ তাৰিখৰ এখন অপ্রিয় হ'লেও বাস্তৱ ছবি। সচৰাচৰ দেখাত ৰাজ্যবাসীৰ যেন এতিয়া কোনো সমস্যাই নাই। নির্বাচন আহিছে, মনোনয়ন-পত্র দাখিল হৈছে। ভিন্ন দলৰ সমৰ্থকৰ মাজত উল্লাস বাঢ়িছে। ইয়াৰ বিপৰীতে মধ্য প্রাচ্যৰ যুদ্ধখন দীঘলীয়া হৈ গৈ থাকিলে যে ভাৰতৰ দৰে জনবহুল দেশখনৰ আর্থিকভাৱে দুৰ্বল অসমৰ জনসাধাৰণেও আগন্তুক দিনত ইন্ধনৰ অভাৱত গভীৰ সংকটৰ গৰাহত নপৰিব, সেয়াও নুই কৰিব নোৱাৰি। এনে পৰিস্থিতিৰ মাজতে আই অ' চিৰ সৈতে জড়িত এক সূত্রই আজি জানিবলৈ দিয়া মতে, কেন্দ্ৰীয় চৰকাৰৰ নতুন নীতি মতে এতিয়াৰে পৰা যিবোৰ পৰিয়ালত ৰন্ধন গেছৰ এটা চিলিণ্ডাৰৰ জৰিয়তে সংযোগ লোৱা আছে, তেনে পৰিয়ালে প্রথমটো চিলিণ্ডাৰ গ্ৰহণ কৰাৰ ২৫ দিনৰ পাছতহে নতুন এটা চিলিণ্ডাৰ বুক কৰিব পাৰিব। তেনেদৰে যিবোৰ পৰিয়ালত ডাবোল চিলিণ্ডাৰৰ সংযোগ আছে, তেনে পৰিয়ালে প্ৰথমটো চিলিণ্ডাৰ লাভ কৰাৰ ৩৫ দিনৰ পাছতহে নতুন এটাৰ বাবে সংশ্লিষ্ট এজেঞ্চিত বুক কৰিব পাৰিব। 

ইফালে যিবোৰ পৰিয়ালে বিজেপি চৰকাৰৰ উজলা আঁচনিৰ জৰিয়তে ৰন্ধন গেছৰ সংযোগ লাভ কৰিছিল অথবা গ্রামাঞ্চলত যিবোৰ পৰিয়ালত পূৰ্বৰে পৰা ৰন্ধন গেছৰ গ্ৰামীণ সংযোগ আছিল, তেনে পৰিয়ালে শেহতীয়া নির্দেশনা মতে প্রথমটো চিলিণ্ডাৰ বুক কৰাৰ ৪৫ দিনৰ পাছতহে দ্বিতীয়টো চিলিণ্ডাৰ বুক কৰিব পাৰিব। এনেদৰে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ ক্ষেত্রত সম্প্রতি নতুন নির্দেশনা প্ৰস্তুত কৰিলেও বুক কৰা দ্বিতীয়টো চিলিণ্ডাৰ নির্ধাৰিত সময়ত যে গ্রাহকে লাভ কৰিব, তাৰো কোনো নিশ্চয়তা নাই বুলিও আই অ' চিৰ সূত্ৰতেই প্রকাশ। 

আনহাতে, ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰত যিকেইটা বল্লিং প্লান্ট আছে, সেই প্লান্টকেইটায়ো স্বাভাৱিক অৱস্থাৰ দৰে এল পি জি লাভ নকৰাৰ ফলত কেউটা প্লান্টতে ৰন্ধন গেছৰ চিলিণ্ডাৰ উৎপাদনত যথেষ্ট ব্যাঘাত জন্মিছে। ফলত কালিৰ দিনটোত নগাঁৱৰ প্লাণ্টৰ পৰা ৰন্ধন গেছৰ চিলিণ্ডাৰ বোজাই হোৱা এখনো গাড়ী সংশ্লিষ্ট এজেঞ্চিলৈ ওলাই যাব নোৱাৰা বিষয়টোৱেই এল পি জিৰ সংকট যে এতিয়াও দূৰ হোৱা নাই সেই কথাকেই প্রতিপন্ন কৰিছে বুলি সূত্রটোত প্রকাশ। এনে পৰিস্থিতিত এতিয়া ৪৫দিনৰ অন্ততহে নতুন এটা ৰন্ধন গেছৰ চিলিণ্ডাৰ গাঁওবাসীয়ে লাভ কৰিব বুলি শেহতীয়া নির্দেশনা অহাৰ ফলত ৰঙালী বিহুলৈ মাথোঁ তিনি সপ্তাহ থকা অৱস্থাত এইবাৰ গাঁওবাসীৰ মাজত বিহু পালনক লৈ উদ্বিগ্নতা বৃদ্ধি পাইছে।

Share This