অসম গ্রন্থমেলাত 'অসমীয়া উপন্যাসত সমাজ বাস্তৱতা' শীর্ষক আলোচনা-সত্ৰত অনুৰাধা শৰ্মা পূজাৰী , মানুহক সাহিত্য-সংগীতে 'মানুহ' কৰি ৰাখে

dainik janambhumi December 30, 2025

ডিজিটেল ডেস্ক: খানাপাৰাস্থিত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজন কৰা অসম গ্রন্থমেলা, গুৱাহাটী কিতাপৰ সুবাস-সান্নিধ্যই উমাল কৰি তুলিছে। অসম গ্ৰন্থমেলাৰ জুবিন গাৰ্গ সোঁৱৰণী প্রেক্ষাগৃহত কালি বিয়লি অনুষ্ঠিত হয় 'অসমীয়া উপন্যাসত সমাজ বাস্তৱতাঃ সাম্প্রতিক কথন' শীর্ষক এখন মনোজ্ঞ আলোচনা সত্র। 

আলোচনা সত্ৰখন উদ্বোধন কৰি বিশিষ্ট সাহিত্যিক ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰীয়ে কয় যে, অসমীয়া উপন্যাসত সমাজ বাস্তৱতা বিষয়টো অতি গুৰুত্বপূৰ্ণ। উপন্যাসক বাস্তৱৰে কাল্পনিক ৰূপ বুলি ক'ব পাৰি। বাস্তৱতাক বাদ দি সাহিত্যৰ সৃষ্টি নহয়। আমাৰ চকুৰ সন্মুখত থকা, আমি চুই চাব পৰা বা শুনিব পৰা বস্তুবোৰ, ঘটনাবোৰ বাস্তৱ। কিন্তু এনেকুৱাও কিছুমান বিষয় আৰু বস্তু আছে যিবোৰ আমি দেখা নাপাওঁ, চুই চাব আৰু শুনিব নোৱাৰোঁ। কিন্তু এইবোৰকো অবাস্তৱ বুলিব নোৱাৰোঁ। গতিকে সেইবোৰো উপন্যাসত নিশ্চয় থাকিব। 

আনহাতে সময়ৰ লগে লগে সমাজৰ বিৱৰ্তন হৈছে বুলি উল্লেখ কৰি তেওঁ ঔদ্যোগিকৰণে আমাৰ সমাজখন সলনি কৰিলে আৰু ইয়াৰ লগে লগে বাস্তৱতায়ো নতুন ৰূপ পাইছে বুলি মন্তব্য কৰে। সাহিত্য অকাদেমি সন্মান প্রাপক গল্পকাৰ-ঔপন্যাসিক, সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীয়ে আলোচনা সত্ৰখন সঞ্চালনা কৰি বিষয় প্রসংগত কয় যে, সমাজখন স্বতঃস্ফূর্তভাৱে আগবাঢ়ে। সামাজিক বাস্তৱতা মানে কেৱল এটা শ্ৰেণীৰ কথাই নহয়। প্রতিটো শ্ৰেণীৰে নিজা নিজা বাস্তৱ থাকে। এগৰাকী খেতিয়কৰ বিষয়ে আনে লিখাতকৈ তেওঁ নিজে লিখিব পৰা হ'লে হয়তো প্রকৃত বাস্তৱতা প্রতিফলিত হ'ব। স্বাভাৱিক জীৱন শৈলী, নিজৰ অভিজ্ঞতাই প্রকৃত বাস্তৱ। এতিয়া কেৰিয়াৰ সচেতন বহুতে সন্তান জন্ম দিব নোখোজে, ইমান চাপযুক্ত ব্যস্ত পৃথিৱীত শিশু সন্তানক সময় দিব নোৱাৰিব বুলিয়ে তেওঁলোকে সন্তান জন্ম দিব বিচৰা নাই। কিন্তু বীর্য বেংকত সাঁচি ৰাখিছে উপযুক্ত সময়ত সন্তান জন্ম দিবলৈ। এয়াই আজিৰ সমাজৰ বাস্তৱ বুলি উল্লেখ কৰি তেওঁ উপন্যাসে সমাজ প্রতিফলিত কৰে আৰু মানুহক মানুহ কৰি ৰাখিবলৈ সাহিত্য-সংগীত লাগিব বুলি গুৰুত্বপূৰ্ণ মন্তব্য প্রদান কৰে। অনুষ্ঠানত আলোচক অতিথিৰূপে অংশগ্ৰহণ কৰি সাহিত্য অকাদেমি বঁটা প্রাপক ঔপন্যাসিক-গল্পকাৰ জয়ন্ত মাধৱ বৰাই সাহিত্যৰ সমাজ বাস্তৱতা মানে সাধাৰণ মানুহৰ কথা সাহিত্যত প্রতিফলিত হোৱা বুলি উল্লেখ কৰি কয় যে, সমাজ বাস্তৱতা থকা সাহিত্যই মাত নোহোৱা মানুহৰ মুখত মাত দিব পাৰে। পাচলি বিক্ৰী কৰা মানুহৰ কথা লিখিবলৈ সাহিত্যিকজনেও পাচলি বিক্ৰী কৰিব লাগিব বুলি কোনো কথা নাই। সেই বিষয়ৰ গভীৰ অধ্যয়ন আৰু সূক্ষ্ম পর্যবেক্ষণ লাগিব। তেতিয়াহে সমাজ বাস্তৱতাৰ প্ৰতিফলন ঘটিব। 

আন এগৰাকী আলোচক, ৰাধাগোবিন্দ বৰুৱা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক, লেখক ড° লিপিকা তালুকদাৰে গদ্য-সাহিত্যৰ এক সন্মোহনী শক্তি আছে যি সাধাৰণতে উপন্যাসত বহুলভাৱে পোৱা যায় বুলি উল্লেখ কৰি উপন্যাসত জীৱনৰ সামগ্রিকতা থাকে আৰু জীৱনৰ সামগ্রিকতা মানেই সমাজ বুলি মন্তব্য কৰে। উল্লেখযোগ্য যে, আলোচনা সত্ৰৰ পাছত সন্ধিয়া অসম গ্রন্থমেলা, গুৱাহাটীৰ ষষ্ঠ দিনৰ সাংস্কৃতিক প্রতিযোগিতাত শংকৰদেৱ শিশু নিকেতন, বৰাগাঁও, শংকৰদেৱ শিশু বিদ্যা নিকেতন, বেলতলা আৰু প্ৰাগজ্যোতিষ মহাবিদ্যালয়ে অংশগ্ৰহণ কৰে

Share This