থলুৱাভাৱে নিৰ্মিত আই এন এছ 'মাহে'ক নৌ সেনাত অন্তর্ভুক্তি, শক্তি বৃদ্ধি হ'ল নৌ-প্ৰতিৰক্ষা খণ্ডৰ

dainik janambhumi November 25, 2025

ডিজিটেল ডেস্ক : ভাৰতীয় নৌ-সেনাৰ শক্তি আজিৰ পৰা অধিক বৃদ্ধি হ'ল। ভাৰতৰ 'আত্মনিৰ্ভৰতা' দিশ প্ৰতিফলিত কৰি থলুৱাভাৱে নিৰ্মিত 'নীৰৱ ঘাতক' ৰূপে পৰিচিত 'আই এন এছ মাহে'ক সোমবাৰে নৌ সেনাৰ নতুন শক্তি হিচাপে অন্তর্ভুক্ত কৰা হ'ল। 

 

ভাৰতীয় সামুদ্রিক সীমান্তক সুৰক্ষা দিবলৈ উৎসর্গিত এই 'আই এন এছ মাহে'ক ভাৰতীয় নৌ-সেনাই সোমবাৰে কার্যক্ষম কৰে। মুম্বাইৰ নেভেল ডকয়ার্ডত এই এন্টি-ছাবমেৰিন যুঁজাৰু জাহাজখনক নৌ-সেনাৰ শক্তি হিচাপে অন্তর্ভুক্ত কৰা হয়। 

 

ভাৰতীয় সেনাৰ মুৰব্বী উপেন্দ্ৰ দ্বিবেদী আৰু পশ্চিম নেভেল কমাণ্ডৰ কমাণ্ডাৰ ইন চীফ ভাইচ এডমিৰেল কৃষ্ণ স্বামীনাথনৰ উপস্থিতিত এই যুঁজাৰু জাহাজখন নৌ-সেনাত অন্তর্ভুক্ত কৰা হয়।

Share This