জীয়াই আছে বেঞ্জামিন নেটান্যাহু, ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ চৰজমিন অনুসন্ধানত পোহৰলৈ প্ৰকৃত তথ্য

dainik janambhumi March 18, 2026

ডিজিটেল ডেস্ক : ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেটান্যাহু জীৱিত আছেনে? যদি জীৱিত তেতিয়াহ'লে তেওঁ ক'ত? এয়া হৈছে সাম্প্রতিক বিশ্বৰ অন্যতম চর্চিত বিষয়। মধ্যপ্রাচ্যৰ যুদ্ধখনত ইৰানৰ সৰ্বোচ্চ নেতা আয়াতোল্লা আলী খামেনেইক হত্যাৰ পৰৱৰ্তী সময়ত সর্বাধিক চর্চিত বিষয়টোরেই হৈছে বেঞ্জামিন নেটান্যাহুক ৰাজহুৱা স্থানত প্রত্যক্ষ নকৰাটো। যোৱা প্রায় এসপ্তাহ ধৰি সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমত নেটান্যাহুৰ মৃত্যুৰ সন্দৰ্ভত বিভিন্ন সংবাদ-ভিডিঅ' প্ৰচাৰ হৈ থকাৰ পাছত ভাৰতৰ এটা সংবাদ গোষ্ঠীৰ চৰজমিন অনুসন্ধানৰ প্রতিবেদনে সত্য পোহৰলৈ আনিছে। সংবাদ গোষ্ঠী 'এন ডি টিভি'য়ে প্রকাশ কৰা তথ্য মতে, ইজৰাইলী প্রধানমন্ত্রী নেটান্যাহু জীৱিত আৰু সম্পূর্ণ সুস্থ অবস্থাত আছে। উল্লেখযোগ্য যে ইৰানৰ ক্ষেপণাস্ত্র আক্রমণত বিধ্বস্ত ইজৰাইলৰ এটা অঞ্চল পৰিভ্ৰমণ কৰিবলৈ যাওঁতে ইৰানে পুনৰ আক্ৰমণ কৰাত নেটান্যাহুৰ মৃত্যু হোৱা বুলি প্ৰচাৰ চলিছিল। কিন্তু সংবাদ মাধ্যমত বাগৰি ফুৰা এই বাতৰি আছিল সম্পূর্ণ ভুৱা আৰু মনে সজা। কাৰণ দুদিন পূর্বে জেৰুজালেমৰ কেফেত বহি ইজৰাইলী প্রধানমন্ত্রীজনে কফি খাইছিল, তাৰ পৰাই গ্রাউণ্ড জিৰ' প্রতিবেদন প্রকাশ কৰিছে এন ডি টিভিয়ে।

জেৰুজালেমৰ এই কেফেখন হৈছে ছাদাফ কেফে। বিশ্বজুৰি ইজৰাইলী প্ৰধানমন্ত্ৰীজনৰ হত্যাৰ বাতৰি বিয়পি পৰাৰ পাছত নেটান্যাহুৱে দুদিন পূর্বে ইয়াতেই বহি নিৰিবিলি পৰিৱেশত কফি খাই ছিল। চাৰিওদিশে বনাঞ্চলেৰে আৱৰা আৰু পাহাৰীয়া অঞ্চলত থকা কেফেখনৰ স্বত্বাধিকাৰী, কৰ্মচাৰী আৰু দাঁতি-কাষৰীয়া লোকৰ লগতো এন ডি টিভিৰ সাংবাদিকে কথা পাতিছিল। সকলোৱে প্রকাশ কৰে যে দুদিন পূর্বে নেটান্যাহু এই অঞ্চলটোলৈ অহাৰ লগতে ছাদাফ কেফেতে কফি সেৱন কৰি কিছু সময় জিৰণি লৈছিল।

ইফালে সামাজিক মাধ্যমত ইতিমধ্যে ভাইৰেল হোৱা নেটান্যাহুৱে কফি সেৱন কৰি থকা এটা ভিডিঅ'য়ো তেওঁৰ জীয়াই থকাৰ প্ৰমাণ দাঙি ধৰে। ভাৰতত ইজৰাইলী ৰাষ্ট্রদূত কভেন আজাবে সোমবাৰে নেটান্যাহুৰ মৃত্যুৰ বাতৰি খণ্ডন কৰাৰ লগতে কয় যে নেটান্যাহু জীৱিত আছে আৰু তেওঁ কেফেত কফি খাই থকা ভিডিঅ'টো সঁচা, কৃত্রিম বুদ্ধিমত্তাৰ (এ আই) দ্বাৰা নিৰ্মিত নহয়। উল্লেখযোগ্য যে পাকিস্তান, ইৰানৰ লগতে ভাৰতৰ কেইটামান স্থানৰ পৰা নেটান্যাহুৰ মৃত্যুৰ ভুৱা ভিডিঅ' প্ৰচাৰ হোৱা বুলি ইজৰাইলৰ কৰ্তৃপক্ষই প্রকাশ কৰিছে।

Share This