পেট্রল পাম্পত গ্ৰাহকৰ দীঘলীয়া শাৰী

dainik janambhumi March 26, 2026

ডিজিটেল ডেস্ক : ৰন্ধন গেছৰ চিলিণ্ডাৰৰ নাটনি দূৰ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে যদিও ৰাজ্যত ৰন্ধন গেছৰ চিলিণ্ডাৰ এতিয়াও সুলভ হোৱা নাই। বৰঞ্চ আজিও ৰাজ্যৰ বিভিন্ন গেছৰ এজেঞ্চিত চিলিণ্ডাৰ বিচাৰি অহা লোকৰ দীঘলীয়া শাৰীহে পৰিলক্ষিত হৈছে। মহানগৰীৰ লগতে বিভিন্ন স্থানত চিলিণ্ডাৰৰ অভাৱত হোটেল-ৰেস্তোৰাঁ বন্ধ কৰিব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। আনহাতে আজি ৰাজ্যৰ বিভিন্ন স্থানত পেট্রল ডিপোসমূহত জনতাৰ দীঘলীয়া শাৰী দেখা পোৱা যায়। 

পেট্রল-ডিজেলৰ নাটনি হ'ব বুলি আশংকা প্রকাশ কৰিয়েই গ্রাহকসকলে আগতীয়াকৈ নিজৰ বাহনত তেল ভৰাবলৈ ওলাই অহাত আজি এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয়। ইফালে ৰাজ্যৰ বহুকেইটা পেট্রল পাম্পত তেলৰ নাটনি ঘটা বুলি জানিব পৰা গৈছে। 

উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে ৰন্ধন গেছৰ লগতে পেট্রল-ডিজেলৰ নাটনি হোৱা নাই বুলি প্ৰকাশ কৰি আহিছে যদিও মধ্যপ্রাচ্যৰ যুদ্ধৰ বাবে দেশলৈ খাৰুৱা তেলৰ আমদানি হ্রাস পাইছে। যাৰ ফলত দেশত মজুত থকা তেলৰ ভাণ্ডাৰো ক্ৰমাৎ টুটি আহিছে। এনে পৰিস্থিতিত অনাগত দিনত ৰন্ধন গেছৰ লগতে পেট্রল-ডিজেলৰ নাটনিয়ে ভয়ংকৰ পৰিস্থিতি সৃষ্টি কৰাৰ সম্ভাৱনা প্রকট কৰি তুলিছে।

Share This