ডিজিটেল ডেস্ক : ৰাজ্যত উন্নয়নৰ জোৱাৰ উঠা বুলি চৰকাৰ তথা জনপ্রতিনিধিয়ে যিমানেই দাবী নকৰক কিয়, নামনি অসমৰ বাঘবৰত এতিয়াও বিৰাজ কৰিছে এক বিপৰীত ছবিয়ে। বৰপেটা জিলাৰ পূৰ্বৰ বাঘবৰ সমষ্টি তথা বৰ্তমানৰ নৱগঠিত ২২ নং মন্দিয়া সমষ্টিৰ অন্তর্গত এক বৃহৎ অঞ্চলত এতিয়াও উন্নয়নৰ পৰশ পৰা নাই। বিশেষকৈ স্থানীয় বিধায়ক শ্বেৰমান আলী আহমেদৰ ১৫ বছৰীয়া কার্যকালত উন্নয়নৰ নামত কেৱল 'প্রতিশ্রুতি'হে লাভ কৰিলে জনসাধাৰণে। ইয়াৰ এক জ্বলন্ত প্রমাণ হৈছে সত্ৰকণৰা ৯ নং কেন্দ্ৰৰ নৱনুৰৰ পৰা মিলিজুলি সংযোগী পথছোৱা। একাঁঠু বোকা-পানী গচকি বিদ্যালয়লৈ ছাত্র-ছাত্রী যাতায়াত কৰিবলৈ বাধ্য হৈছে। পথটোৰ মাজত সৃষ্টি হোৱা দ গাঁতবোৰত এতিয়া একাঁঠু পর্যন্ত পানী জমা হৈছে। ফলত যাতায়াত ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে।
এই জৰাজীৰ্ণ পথেৰে কিতাপৰ বেগ লৈ পানী-বোকা গচকি অত্যন্ত বিপদসংকুলভাৱে বিদ্যালয়লৈ যাবলগীয়া হৈছে কণ কণ ছাত্র-ছাত্রীসকলে। কেৱল সেয়াই নহয়, দুচকীয়া নাইবা চাৰি চকীয়া বাহনৰ কথা বাদেই, চাইকেল এখন লৈয়ো এই পথেৰে যাতায়াত কৰাটো অসম্ভৱ হৈ পৰিছে। স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে, বহু সময়ত ৰুগীয়া মানুহক চিকিৎসালয়লৈ নিবৰ বাবেও এই পথছোৱাত নৰক যন্ত্রণা ভোগ কৰিবলগীয়া হয়। মন কৰিবলগীয়া যে বিধায়ক শ্বেৰমান আলী আহমেদে প্রায়ে সংবাদ মাধ্যমৰ আগত দাবী কৰি আহিছে যে তেওঁৰ সমষ্টিৰ প্ৰতিটো পথেই পকী হৈছে। কিন্তু সত্ৰকণৰাৰ এই পথছোৱাই বিধায়কজনৰ ভুৱা উন্নয়নৰ মুখা খুলি দিছে। কেৱল এয়াই নহয় সত্ৰকণৰাত আছে আৰু বহু শোচনীয় পথ।
ৰাইজৰ অভিযোগ অনুসৰি, বিগত ১৫ বছৰে কেৱল ভোট সংগ্ৰহৰ স্বাৰ্থত বিধায়কজনে মিছা আশ্বাস দি আহিছে। উন্নয়নৰ ঢাক-ঢোল বজোৱা শ্বেৰমান আলীৰ সমষ্টিত এতিয়াও ৰাইজে আদিম যুগৰ যন্ত্রণা ভোগ কৰিবলগীয়া হোৱাটোৱে জনপ্রতিনিধিজনৰ দায়িত্বহীনতাকে সূচাইছে বুলি ক্ষুব্ধ ৰাইজে মন্তব্য কৰে। নির্বাচন চমু চাপি অহাৰ লগে লগে বিধায়কজনে পুনৰ ন ন প্রতিশ্রুতি লৈ অঞ্চলটোত প্ৰৱেশ কৰাৰ সম্ভাৱনা আছে। ক্ষুব্ধ ৰাইজে স্পষ্টকৈ জনায় যে তেওঁলোকে বিধায়কৰ ওপৰত সম্পূৰ্ণৰূপে ভৰসা হেৰুৱাইছে। ১৫ বছৰীয়া বঞ্চনাৰ প্ৰত্যুত্তৰ দিবলৈ আৰু এইবেলি এগৰাকী নতুন প্রতিনিধিক আঁকোৱালি ল'বলৈ অঞ্চলটোৰ ৰাইজ একগোট হৈছে। সত্ৰকণৰাৰ ৰাইজে বৰপেটা জিলা আয়ুক্ত, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু লোকনির্মাণ বিভাগক পথটো নিৰ্মাণৰ হস্তক্ষেপ কৰিবলৈ আহ্বান জনাইছে।