বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ

dainik janambhumi September 01, 2025

ডিজিটেল ডেস্ক : অলিম্পিক ব্রঞ্জজয়ী লাভলীনা বৰগোহাঁয়ে পেৰিছত পদক জয়ৰ পৰা বঞ্চিত হ'লেও নিজৰ বক্সিং কেৰিয়াৰ অব্যাহত ৰখাৰ লগতে আন এক অলিম্পিক পদক দখলৰ বাবে দৃষ্টি নিবদ্ধ কৰিছে। নিজৰ বক্সিং একাডেমিত মনোনিৱেশ কৰিবলৈ এটা সময়ত অৱসৰৰ চিন্তা কৰা অসম কন্যা লাভলীনাই এতিয়া ৪ ছেপ্টেম্বৰত লিভাৰপুলত হ'বলগীয়া বিশ্ব চেম্পিয়নশ্বিপৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত প্রত্যাবর্তন ঘটাব। টকিঅ' অলিম্পিকৰ ব্ৰঞ্জজয়ী ২৭বছৰীয়া তাৰকা বক্সাৰগৰাকীয়ে যোৱা বছৰৰ আগষ্টত অনুষ্ঠিত পেৰিছ গেমছৰ পৰা আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাৰ পৰা আঁতৰি আছে। 

ৰিঙৰ পৰা আঁতৰি থকাৰ সময়ছোৱাত নিজৰ একাডেমি স্থাপন কৰাৰ কামত মনোনিৱেশ কৰে লাভলীনাই। গুৱাহাটীত যোৱা জুনত লাভলীনাৰ বক্সিং একাডেমি মুকলি কৰা হয়। 

লাভলীনাই কয়, 'যেতিয়া মই মোৰ একাডেমি আৰম্ভ কৰাৰ কথা ভাবিছিলোঁ, তেতিয়া মই পেৰিছ অলিম্পিকলৈকে খেলাৰ পৰিকল্পনা কৰিছিলোঁ আৰু তাৰ পাছত হয়তো খেল এৰি দিম। কিন্তু পেৰিছত ফলাফল মই আশা কৰা ধৰণৰ নহ'ল। তাত পদক লাভ কৰা হ'লে সেয়া মোৰ বিদায়ী খেল হ'লহেঁতেন।' ফ্ৰান্সৰ ৰাজধানী চহৰখনত হোৱা অলিম্পিকত কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰি ক্ৰমাগত পদক জয়ৰ কাষ চাপিছিল লাভলীনা। পিছে ৭৫ কেজি ওজন শাখাৰ কোৱাৰ্টাৰ ফাইনেলত চীনৰ লি কিয়ানৰ হাতত পৰাজিত হোৱাত লাভলীনাৰ আশা ভংগ হয়।

Share This