জয়েৰে অভিযান আৰম্ভ লাভলীনাৰ, বক্সাম এলিট ইণ্টাৰনেশ্যনেল বক্সিং

dainik janambhumi February 06, 2026

ডিজিটেল ডেস্ক : অলিম্পিক ব্ৰঞ্জ জয়ী অসমৰ লাভলীনা বৰগোহাঁয়ে প্রত্যয়জনক জয়েৰে বক্সাম এলিট ইণ্টাৰনেশ্যনেল বক্সিং প্রতিযোগিতাত অভিযান আৰম্ভ কৰিছে। ভাৰতৰ আনগৰাকী বক্সাৰ হিতেশ গুলিয়াই জয়েৰে প্রতিযোগিতাখনত আৰম্ভণি ঘটাইছে। 

মহিলাৰ ৭৫ কেজি ওজন শাখাত শক্তিশালী প্রদর্শন দাঙি ধৰি ইউক্রেইনৰ অ'লহা পিলিপচুকক সহজেই ৫-০ ব্যৱধানত হৰুৱায় লাভলীনাই। ইফালে, পুৰুষ ৭০ কেজি শাখাত হিতেশে আকর্ষণীয় ফর্ম অব্যাহত ৰাখি কানাডাৰ ভিনচেণ্ট ছাণ্টোৰিয়েলোক ৫-০ ব্যৱধানত পৰাস্ত কৰে। 

লাভলীনাৰ উপৰি মঞ্জু ৰানা, নীতু, কুসুম, অৰুন্ধতী চৌধাৰী আৰু ছানামাচা চানুৱে পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰিছে। আনহাতে, পুৰুষৰ শাখাত পৱন বার্টৱাল, যদুমণি সিং, দীপক, অংকুশ আৰু হৰ্ষ চৌধাৰী নিজ নিজ খেলত জয়ী হৈছে।

Share This