'পাকিস্তানী সেনাৰ ডি জি এম অ'ৰ অনুৰোধত ভাৰতে বন্ধ ৰাখিছে সন্ত্রাসবাদীৰ ঘাটিত চলোৱা অভিযান'

dainik janambhumi June 27, 2025

ডিজিটেল ডেস্কঃ 'আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ হস্তক্ষেপত নহয়, পাকিস্তানী সেনাৰ অভিযান শাখাৰ সঞ্চালক প্ৰধানৰ (ডি জি এম অ') অনুৰোধতহে ভাৰতে সাময়িকভাৱে বন্ধ ৰাখিছে পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰত সন্ত্রাসবাদীৰ ঘাটিত চলোৱা অভিযান।' এই মন্তব্য ভাৰতীয় সেনাৰ ইষ্টার্ন কমাণ্ডৰ প্ৰাক্তন কমাণ্ডাৰ ইন চীফ, অৱসৰপ্ৰাপ্ত লেফটেনেন্ট জেনেৰেল ৰাণা প্রতাপ কলিতাৰ।

পূৰ্বোত্তৰ ভাৰত অধ্যয়ন চক্ৰৰ উদ্যোগত আজি গুৱাহাটীৰ কুমাৰপাৰাস্থিত আলোক ভৱনত আয়োজিত 'অপাৰেশ্যন সেন্দূৰ' বিষয়ক এক আলোচনা-চক্রত মুখ্য বক্তা হিচাপে ভাগ লৈ জেনেৰেল কলিতাই কয় যে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে নিজে কৰি অহা দাবীৰ কোনো সত্যতা নাই।

ভাৰতে যোৱা সাত মে'ৰ পৰা দহ মে'লৈকে 'অপাৰেশ্যন সেন্দূৰ'ৰ জৰিয়তে সন্ত্রাসবাদীৰ ঘাটিসমূহত যি অভিযান চলাইছিল তাত পাকিস্তানী সেনা বাৰুকৈয়ে ত্রস্তমান হৈ পৰিছিল। তেওঁলোকে সপোনতো ভবা নাছিল যে ভাৰতে এনে ধৰণৰ ভয়াৱহ আক্ৰমণ চলাব। একেদৰে 'অপাৰেশ্যন সেন্দূৰ'ত 'আত্মনিৰ্ভৰশীল ভাৰত'ৰ ধাৰণাটো ফুটি উঠিছিল। আক্রমণত ব্যৱহৃত বেছিভাগ অস্ত্র-শস্ত্র, মিছাইল আদি আত্মনিৰ্ভৰশীল ভাৰত আঁচনিৰ অধীনত দেশীয় প্রযুক্তিৰে ভাৰততে নির্মাণ কৰা হৈছিল। অপাৰেশ্যন সেন্দূৰৰ জৰিয়তে পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰত কেৱল ভাৰত বিৰোধী উগ্ৰপন্থীৰ ঘাটি আৰু আশ্রয়স্থলীসমূহতহে আক্ৰমণ কৰা হৈছিল। এই আক্রমণ পাকিস্তানৰ সাধাৰণ জনতা বা আন কাৰো বিৰুদ্ধে নাছিল। অভিযান ইমান নিখুঁত আৰু সুপৰিকল্পিত আছিল যে আমাৰ যুঁজাৰু বিমানে নির্দিষ্ট লক্ষ্যত আঘাত হানিছিল পাকিস্তানৰ সীমা পাৰ নোহোৱাকৈয়ে। পাকিস্তানে হয়তো সপোনতো ভবা নাছিল যে ভাৰতে এনেধৰণৰ এটা অপ্রত্যাশিত আক্রমণ চলাব।

সাত মে'ৰ পৰা দহ মে 'লৈকে চলোৱা অভিযানত পাকিস্তানী বায়ু সেনাৰ এঘাৰটাকৈ বিমান ঘাটিত আক্রমণ চলোৱা হৈছিল। ডেৰমাহ পাৰ হোৱাৰ পাছতো এতিয়াও তাৰ কেইবাটাও বিমান ঘাটি কার্যক্ষম কৰিব পৰা নাই পাকিস্তানে। এঘাৰ মে'ৰ দিনা ভাৰতৰ আক্ৰমণত ব্ৰস্তমান হৈ পৰা পাকিস্তানী সেনাৰ অভিযান শাখাৰ (ডি জি এম অ') সঞ্চালক প্রধানগৰাকীয়ে হটলাইনযোগে আমাৰ ভাৰতীয় সেনাৰ ডি জি এম অ'ক অনুৰোধ জনায় যে তেওঁলোকে যুদ্ধ-বিৰতি কৰিব। গতিকে আক্রমণ বন্ধ হ'ব লাগে। অৱশেষত সেই অনুৰোধ অনুসৰি আমাৰ সেনাই যুদ্ধ-বিৰতি কৰে। এই অভিযানে ভাৰতৰ যুদ্ধ সক্ষমতা বৃদ্ধি কৰাৰ লগতে অস্ত্ৰ নিৰ্মাণতো দেশখনক নতুন মাত্রা প্রদান কৰিছে। কিয়নো অভিযানত ব্যৱহৃত ড্র'ন, মিছাইলসহ অস্ত্র-শস্ত্ৰসমূহৰ গৰিষ্ঠসংখ্যকেই দেশীয় প্রযুক্তিৰে দেশতে নিৰ্মাণ কৰিবলৈ আমাৰ বিজ্ঞানীসকল সক্ষম হৈছে। আমি এতিয়া অস্ত্ৰ ৰপ্তানিকাৰী দেশলৈ উন্নীত হ'ব পাৰিছোঁ। আৰু ইয়ে দেশৰ অর্থনীতিকো শক্তিশালী কৰিব। আনহাতে পাকিস্তান সমর্থিত জইছ-এ-মহম্মদ, লস্কৰ-এ-তৈয়বা আদি উগ্রপন্থী সংগঠনসমূহ মূলতঃ ইছলামিক ধ্যান-ধাৰণাৰে গঢ় লৈ উঠিছে বুলি জনাই তেওঁ লগতে কয় যে 'তেওঁলোকৰ মূল লক্ষ্য হ'ল কাশ্মীৰৰ মুছলমানসকলৰ মাজত ভাৰতৰ প্ৰতি বিদ্বেষ ভাব সৃষ্টি কৰি তেওঁলোকক ভাৰতৰ বিৰুদ্ধে একত্ৰিত কৰা। পহলগাম কাণ্ডত সেয়েহে ধর্মীয় পৰিচয় সুধি উগ্রপন্থীয়ে পুৰুষসকলক হত্যা কৰিছিল। তাৰ প্ৰতিশোধ কল্পে ভাৰতে অপাৰেশ্যন সেন্দূৰৰ জৰিয়তে সন্ত্রাসবাদীৰ বিৰুদ্ধে অভিযান চলাই পাকিস্তানক দিলে।

আনহাতে, ১৯৭১ চনৰ ভাৰত-পাক যুদ্ধত পাকিস্তান শোচনীয়ভাৱে পৰাজয় হোৱাৰ লগতে ৯০ হাজাৰৰো অধিক পাকিস্তানী সেনা ভাৰতত বলি হোৱাৰ পাছতো সেই সময়ত পাকিস্তান অধিকৃত কাশ্মীৰখন ভাৰতে ল'ব নোৱৰাটো এক আক্ষেপজনক ঘটনা বুলি ব্যক্ত কৰি জেনেৰেল কলিতাই সেই যুদ্ধত ছিমলা চুক্তিৰ বাহিৰে আমি একো নাপালোঁ বুলি আক্ষেপ প্রকাশ কৰে। পূৰ্বোত্তৰ অধ্যয়ন চক্ৰৰ সমন্বয়ক ড° কল্পনা বৰাই আঁত ধৰা আলোচনা-চক্ৰখনত জ্যেষ্ঠ সাংবাদিক নৱ ঠাকুৰীয়াকে ধৰি কেইবাজনো বিশিষ্ট লোক উপস্থিত থাকে।

Share This