পেট্ৰলৰ দৰে প্ৰস্তুত কৰিলে 'এম ০-এম ১০০' গাখীৰ, কেন্দ্ৰৰ ইন্ধন নীতিৰ বিৰুদ্ধে জয়পুৰত পশুপালকৰ অভিনৱ প্ৰতিবাদ

dainik janambhumi June 26, 2026

ডিজিটেল ডেস্ক : ৰাজস্থানৰ জয়পুৰত দুগ্ধ উৎপাদনকাৰীসকলে কেন্দ্ৰীয় চৰকাৰৰ নীতিৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰিবলৈ অভিনৱ পন্থা অৱলম্বন কৰিছে। গাখীৰ বিক্রেতাসকলে গাখীৰৰ চাৰিটা প্ৰকাৰ- এম ০, এম ২০, এম ৫০ আৰু এম ১০০ প্ৰস্তুত কৰিছে। গাখীৰ বিক্রেতাসকলে মন্তব্য কৰিছে যে চৰকাৰে পেট্ৰলত ইথানল মিহলি কৰাৰ দৰে তেওঁলোকেও গাখীৰত পানী মিলাই বিক্ৰী কৰিব। 

কৃষক আৰু পশুপালকসকলে চৰকাৰৰ ইন্ধন নীতিৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰি এই অভিনৱ পন্থা লয়। প্রতিবাদৰ এই অভিনৱ পন্থাৰ ভিডিঅ' ভাইৰেল হৈছে। পশুপালকৰ সংগঠন জয়পুৰ দুগ্ধ উৎপাদন সমিতিৰ উদ্যোগত গাখীৰৰ পৃথক পৃথক প্ৰকাৰ মুকলি কৰা হৈছে। উল্লেখযোগ্য যে দুগ্ধ উৎপাদকসকলে কটাক্ষ কৰি তেওঁলোকৰ গাখীৰৰ প্ৰকাৰৰ ব্যাখ্যা এনে ধৰণে দিছে- এম ০ মানে সম্পূর্ণ বিশুদ্ধ গাখীৰ, অৰ্থাৎ গাখীৰৰ সৈতে পানী মিহলি নকৰে। 

এম ২০ মানে ২০ শতাংশ পানী গাখীৰত মিহলি, এম ৫০ মানে ৫০ শতাংশ গাখীৰ-৫০ শতাংশ পানী আৰু এম ১০০ মানে গাখীৰত ১০০ শতাংশই পানী। পশুপালকসকলে কয় যে কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰীসকলক তেওঁলোকে এম ১০০ গাখীৰ যোগান ধৰিব। অৱশ্যে, এয়া প্ৰতিবাদৰ বাবেহে এনেধৰণৰ পন্থা অৱলম্বন কৰিছে বুলি পশুপালকসকলে স্পষ্ট কৰি দিয়ে।

Share This