ডিজিটেল ডেস্ক : পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক মাধুৰ্য বৰ্মনৰ হত্যাকাণ্ডক কেন্দ্ৰ কৰি সৰ্বত্ৰ তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে। আছুকৰ্মীজনক বৰ্বৰভাৱে হত্যা কৰা কাৰ্যৰ প্ৰতিক্রিয়া প্রকাশ কৰি সদৌ অসম ছাত্র সন্থাই কালি প্রকাশ কৰে, 'ল'ৰাটো আমি ঘূৰাই নাপাওঁ, কিন্তু হত্যাকাৰীৰ মৃত্যুৱে কিছু শান্তি দিছে।'
এক বিবৃতিত আছুৰ সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকনে প্রকাশ কৰে যে মাধুৰ্য বৰ্মনৰ হত্যাক ছাত্ৰ সন্থাই সহজভাৱে লোৱা নাই, সহজভাৱে নলয়। এই ঘটনাই কেৱল মাধুৰ্যৰ আত্মীয়-স্বজনকে নহয়, সমগ্র অসমৰ ৰাইজৰ আৰু ছাত্ৰ সন্থাৰ প্ৰতিগৰাকী কৰ্মকৰ্তাৰ বুকু ক্ষোভ, খং আৰু কষ্টৰে বিদীর্ণ কৰিছে। এগৰাকী অসমীয়া জীয়ৰী, নিজৰ ভগ্নীৰ সন্মান আৰু জীৱন বচাবলৈ গৈ ছাত্ৰ সন্থাৰ কৰ্মী মাধুর্য বর্মনে প্রাণ আহুতি দিছে। ন্যায় মাধুৰ্যৰ প্ৰাপ্য। তেওঁলোকে কয় যে, নগৰ এখনৰ মাজমজিয়াত গধূলি সময়ত এনেকৈ এহাল ল'ৰা-ছোৱালীক হানি-খুঁচি মৃত্যুৰ মুখলৈ ঠেলি দিয়াটো সাধাৰণ ঘটনা নহয়। চৰকাৰ প্ৰশাসনলৈ অপৰাধীৰ ভয় নোহোৱা পৰিৱেশ এটা অসমৰ ৰাইজে, ছাত্ৰ সন্থাই নিবিচাৰে। অপৰাধীৰ দৃষ্টান্তমূলক শাস্তিয়েই এনে ঘটনা ৰোধৰ ফলপ্রসূ উপায়। হত্যাকাৰী আছিফ খান ওৰফে ৰ'জ আলীয়ে মাধুর্যক হানি-খুঁচি হত্যা কৰিছে। আন এগৰাকী দুৰ্ভগীয়া যুৱতী এতিয়াও মৃত্যুৰে যুঁজি আছে।
ইমানৰ পাছতো আৰক্ষীৰ হাতৰ পৰা পলাবলৈ যত্ন কৰি আছিফ খানে প্ৰমাণ কৰিছে যে সি এটা স্বভাৱজাত অপৰাধী আৰু তাৰ অপৰাধী মানসিকতাৰ কোনো সংশোধনৰ উপায় নাই। ল'ৰাটো ঘূৰাই নাপাওঁ, কিন্তু আৰক্ষীৰ হাতৰ পৰা হত্যাকাৰী পলাবলৈ চেষ্টা কৰোঁতে গুলীবিদ্ধ হৈ মৰাৰ বাতৰিয়ে অলপ হ'লেও শান্তি দিছে। ইফালে মন্ত্ৰী অতুল বৰাই ছাত্র নেতা মাধুৰ্য বৰ্মনৰ নৃশংস হত্যাকাণ্ড আৰু তেওঁৰ ভগ্নীৰ ওপৰত সংঘটিত বৰ্বৰ আক্ৰমণৰ ঘটনাই অসমবাসীৰ লগতে তেওঁকো স্তম্ভিত কৰি তুলিছে বুলি উল্লেখ কৰি এই অমানবীয় আৰু জঘন্য ঘটনাৰ তীব্র নিন্দা কৰে।
সামাজিক মাধ্যমযোগে মন্ত্ৰীজনে প্রকাশ কৰে, 'এজন সজাগ-সচেতন অসমীয়া যুৱকক এইদৰে নিৰ্মমভাবে হত্যা কৰা আৰু এগৰাকী অসমীয়া জীয়ৰীৰ ওপৰত এইদৰে নৃশংস আক্রমণ চলোৱা কার্য কোনো সভ্য সমাজত গ্রহণযোগ্য হ'ব নোৱাৰে। অসমৰ মাটিত এনে নৃশংস অপৰাধৰ কোনো স্থান নাই।' আনহাতে আক্রমণ হ'লে প্রত্যাক্রমণ হ'ব বুলি ঘোষণা কৰিছে বীৰ লাচিত সেনাৰ শীর্ষনেতা শৃংখল চলিহাই। তেওঁ কালি মাধুৰ্যক আক্ৰমণ কৰাৰ উত্তৰ শীঘ্ৰে অসমৰ জনগণে পাব বুলি ঘোষণা কৰে। তেওঁ কয়, 'এই চৰকাৰ অহাৰ দিনৰ পৰা দুটা খিলঞ্জীয়া মানুহৰ মৃত্যু হৈছে। নগাঁৱৰ এগৰাকী মহিলা আৰু নলবাৰীৰ এজন তেজাল যুৱকক নির্মমভাবে হত্যা কৰা হৈছে। এতিয়া কথা হৈছে আমি সিহঁতৰ এটাও মাৰিব পৰা নাই। অসমৰ জনগণে আমাক সেইটোৱে সুধিছে যে তহঁতে কেতিয়া হাত তুলিবি ইহঁতৰ ওপৰত। আৰু হাত তোলা হ'ব। আক্রমণ হ'লে প্রত্যাক্রমণ হ'ব, শীঘ্ৰে ইয়াৰ উত্তৰ অসমৰ জনগণে পাব।'
ইফালে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে প্ৰচুৰ সম্ভাৱনাপূর্ণ ছাত্রনেতা মাধুৰ্য বৰ্মনৰ নিৰ্মম হত্যাকাণ্ডই ৰাজ্যৰ আইন-শৃংখলা ব্যৱস্থাক লৈ গভীৰ প্রশ্ন উত্থাপন কৰিছে বুলি প্রকাশ কৰে। তেওঁ কয়, 'এজন যুৱ ছাত্ৰনেতাৰ জীৱন এইদৰে শেষ কৰি দিয়াৰ সাহস অপৰাধীয়ে ক'ৰ পৰা পালে? ঘটনাটোৰ সৈতে আৰু যিসকল দুর্বৃত্ত জড়িত, সকলোকে কৰায়ত্ত কৰি কঠোৰতম শাস্তি প্রদান কৰক। মাধুর্য বৰ্মনৰ পৰিয়ালটোৱে ন্যায় পাবই লাগিব।' এনে ঘটনা দুনাই যাতে ক'তোৱেই সংঘটিত নহয়, তাৰ বাবে চৰকাৰে সুব্যৱস্থা গ্রহণ কৰাৰো দাবী কৰি তেওঁ কয় যে, শেহতীয়াকৈ নলবাৰী জিলাত আইন-শৃংখলা জনিত পৰিস্থিতিৰ অৱনতি ঘটা পৰিলক্ষিত হৈছে।
জিলাখনত অপৰাধমূলক কার্যকলাপ বৃদ্ধি পাইছে। অপৰাধমূলক ঘটনাসমূহ ৰোধ কৰি নাগৰিকৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ জিলা আয়ুক্ত আৰু জিলাখনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক অধিক কঠোৰ আৰু তৎপৰ হোৱাটো প্রয়োজনীয় হৈ পৰিছে বুলিও তেওঁ কয়।