স্বাস্থ্যৰ বুজ ল'লে জয়ন্ত মল্লবৰুৱাই, জি এম চি এইচত মৃত্যুৰে যুঁজি আছে মাধুৰ্যৰ ভগ্নীয়ে

dainik janambhumi June 02, 2026

ডিজিটেল ডেস্ক : গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ আই চি ইউত জীৱন-মৃত্যুৰে যুঁজ দি থকা নলবাৰীৰ কিশোৰীগৰাকী সংকটমুক্ত নহয় বুলি মন্তব্য কৰিছে জি এম চি এইচৰ অধীক্ষক ডাঃ দেৱজিৎ চৌধুৰীয়ে। ইফালে নলবাৰীৰ এই ঘটনাক দুখজনক আৰু উদ্বেগজনক বুলি মন্তব্য কৰিছে নলবাৰীৰ বিধায়ক জয়ন্ত মল্লবৰুৱাই। 

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত আই চি ইউত চিকিৎসাধীন যুৱতীগৰাকীৰ সন্দৰ্ভত জি এম চি এইচৰ অধীক্ষক ডাঃ চৌধুৰীয়ে কয়, 'কিশোৰীগৰাকীৰ শৰীৰৰ কেইবাটাও অংশত ছুৰীৰে আঘাত কৰিছে। ফলত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে। কিশোৰীগৰাকী বিপদৰ পৰা বৰ্তমান মুক্ত নহয়। চোকা অস্ত্ৰৰে আক্ৰমণ কৰাত কিশোৰীগৰাকীয়ে মূৰ, পিঠি, মুখ, হাতত আঘাত পাইছে। ফলত তেওঁৰ স্বাস্থ্যৰ অৱস্থা উন্নত হোৱা নাই আৰু মানসিকভাৱে ভাগি পৰিছে। তেওঁ লগতে কয় যে মূৰত ৩, ৪ আৰু ৫ চেন্টিমিটাৰ কটা গৈছে। পিঠি, ডিঙিত আঘাত যথেষ্ট হৈছে। সেয়ে ই এন টি বিভাগৰ অধীনত চিকিৎসা চলি আছে। বর্তমান তেওঁ বিপদৰ পৰা সংকটমুক্ত নহয়। 

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক চৌধুৰীয়ে কয় যে গংগাপুৰত দেওবাৰে সন্ধিয়া ৭-৩০ বজাত এজন যুৱকে কিশোৰীগৰাকীক চোকা অস্ত্ৰৰে আক্ৰমণ কৰিছিল। চোকা অস্ত্ৰৰে আঘাত কৰাত গুৰুতৰভাৱে আহত কিশোৰীগৰাকীক নলবাৰীৰ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। তাত প্রাথমিক চিকিৎসা কৰি জি এম চি এইচলৈ প্ৰেৰণ কৰা হৈছিল। জি এম চি এইচত ১২-৩০ বজাত ভর্তি কৰোৱা হয়। বর্তমান আই চি ইউত চিকিৎসাধীন হৈ আছে। 

উল্লেখযোগ্য যে দেওবাৰে মাধুৰ্য বৰ্মন নামৰ এজন যুৱকে সম্পৰ্কীয় ভগ্নীক ৰক্ষা কৰিবলৈ গৈ ছুৰীকাঘাতত মৃত্যু হ'বলগীয়া হোৱাৰ লগতে সম্পৰ্কীয় ভগ্নীগৰাকীক আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰা ঘটনাক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ থকাৰ মাজতে ২৪ ঘণ্টাৰ ভিতৰত কালি আৰক্ষীৰ গুলীত নিহত হৈছে মূল অভিযুক্ত আছিফ খান ওৰফে ৰ'জ আলী। 

কালি ৰ'জ আলীক মুকালমুৱা চৰৰ পৰা আৰক্ষীয়ে আটক কৰিছিল। কিন্তু আটক কৰাৰ সময়ত আৰক্ষীৰ পৰা বন্দুক কাঢ়ি নিয়াৰ লগতে পলায়নৰ চেষ্টা কৰাত আছিফক আৰক্ষীয়ে গুলীয়াবলগীয়া হয়। ইফালে, নলবাৰীৰ এই গর্হিত ঘটনাৰ পাছত এনে কাৰ্যৰ বিৰুদ্ধে চৰকাৰ আৰু কঠোৰ হ'ব বুলি মন্তব্য কৰিছে নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্লবৰুৱাই। তেওঁ কালি জি এম চি এইচত আক্ৰমণত গুৰুতৰভাৱে আহত কিশোৰীগৰাকীৰ স্বাস্থ্যৰ বুজ লয় আৰু দেউতাক আৰু খুৰাকক লগ কৰে। 
নলবাৰীত আগেত এনে ঘটনা হোৱা নাছিল বুলি মন্তব্য কৰি বৰুৱাই কয় যে কিশোৰীগৰাকীয়ে মূৰত, বুকুত আৰু ডিঙিত আঘাত পাইছে। 

আৰক্ষীয়ে মূল অভিযুক্তক কৰায়ত্ত কৰাৰ পাছৰ পৰিস্থিতিত নিহত হৈছে যদিও এই ঘটনাৰ লগত আৰু কোন কোন জড়িত বিচাৰি উলিয়াব লাগিব। মূল ঘটনাত এজনে জড়িত আছিল যদিও লাভ জেহাদত আনৰ সহযোগিতা আছিল নেকি, সেই কথাও চাব লাগিব। চৰকাৰে ইউ চি চি গৃহীত কৰিছে। এনে ঘটনাৰ বিৰুদ্ধে চৰকাৰ কঠোৰ হ'ব। বিধায়ক বৰুৱাই কয় যে পৰিয়ালক লগ কৰি চৰকাৰে যিমান পাৰি সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছে।

Share This