ডিজিটেল ডেস্ক : মধ্য প্রদেশৰ মুখ্যমন্ত্ৰী মোহন যাদবে তেওঁৰ পুত্ৰ অভিমন্যুৰ বিবাহকাৰ্য এক ব্যতিক্ৰমী ধৰণে সম্পাদন কৰিলে। মধ্য প্রদেশৰ উজ্জয়নীত এই বিবাহখন ২১টা আন নৱ দম্পতীৰ সৈতে একেলগে সম্পাদন কৰা হয়।
এই সামুহিক বিবাহ অনুষ্ঠানটোতে মুখ্যমন্ত্ৰীৰ পুত্ৰ অভিমন্যুই ইশ্বিতাৰ সৈতে বিবাহপাশত আবদ্ধ হয়। সমাজৰ বিভিন্ন শ্ৰেণীৰ ২১ যুৱক-যুৱতীৰ বিবাহকাৰ্যৰ অনুষ্ঠানটোৰ উদ্যোগ লৈছিল যোগগুৰু ৰামদেৱে। মধ্য প্রদেশৰ মুখ্যমন্ত্ৰী মোহন যাদবে এই পদক্ষেপ লৈছিল।
ৰাজ্যখনৰ ৰাজ্যপাল মংগোভাই পেটেলে দেওবাৰে কয় যে মুখ্যমন্ত্রী যাদবে ইয়াৰ দ্বাৰা সামাজিক সমন্বয়ৰ এক উৎকৃষ্ট উদাহৰণ দাঙি ধৰিছে। উজ্জয়নীত অনুষ্ঠিত সামুহিক বিবাহৰ কাৰ্যসূচীতে এজন মুখ্যমন্ত্ৰীৰ পুত্ৰৰ বিবাহকাৰ্য সম্পাদন কৰাটো এটা দৃষ্টান্ত বুলি ৰাজ্যপালজনে অভিহিত কৰে।