অভয়াপুৰীৰ মহামায়া হোটেল এণ্ড ৰেষ্টুৰেণ্টত হুলস্থূলীয়া পৰিৱেশ

Kakali Deka September 15, 2025

ডিজিটেল ডেস্কঃ আজি বঙাইগাঁও জিলাৰ অভয়াপুৰী চহৰৰ মাজমজিয়াত অৱস্থিত মহামায়া হোটেল এণ্ড ৰেষ্টুৰেণ্টত সংঘটিত হয় এক অঘটন । হোটেলখনত এগৰাকী যুৱকে চিকেন বিৰিয়ানি ক্ৰয় কৰি নিজে পৰিধান কৰা পেণ্টৰ পকেটৰ পৰা এটা টোপোলা উলিয়াই পাউদাৰ জাতীয় সামগ্রী বিৰিয়ানিত মিহলি কৰি থকা দৃশ্য হোটেলখনৰ স্বত্বাধিকাৰী, কৰ্মচাৰী আৰু উপস্থিত গ্রাহকে প্রত্যক্ষ কৰে। 

ঘটনাৰ লগে লগে হোটেলৰ স্বত্বাধিকাৰী আৰু কৰ্মচাৰীয়ে অন্যান্য গ্ৰাহকৰ সহযোগত যুৱকজনক আটক কৰে। পৰিস্থিতি একেবাৰে হুলস্থূলীয়া হৈ পৰাত হোটেলৰ গৰাকীয়ে তৎক্ষণাৎ অভয়াপুৰী থানাত খবৰ দিয়ে। খবৰ পোৱা মাত্রেই আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ অনুসন্ধান কৰে আৰু যুৱকজনক আটক কৰি থানালৈ নিয়ে। হোটেলৰ গৰাকীৰ মতে, যুৱকজনে নিজকে নাৰিকলাৰ খৰ্গেশ্বৰ দাস বুলি জনাইছে। খৰ্গেশ্বৰৰ ভাষ্য মতে উক্ত পাউদাৰখিনি নিজ মাতৃৰ বাবে অনা জৰা-ফুকাৰ ঔষধ বুলি ব্যক্ত কৰে। তথাপি হোটেলৰ স্বত্বাধিকাৰীয়ে যুৱকজনে খাদ্যত বিহজাতীয় সামগ্রী মিহলাই অঘটন ঘটাবলৈ চেষ্টা কৰিছিল বুলি সন্দেহ প্রকাশ কৰিছে।

Share This