ভয়ংকৰ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰে; ৪যাত্ৰীৰো কৰুণ মৃত্যু

Nikimoni Kachari January 28, 2026

ডিজিটেল ডেস্ক: মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ বিমান দুৰ্ঘটনাত মৃত্যু।  বুধবাৰে পুৱা মহাৰাষ্ট্ৰৰ বাৰামতীত অজিত পাৱাৰৰ বিমান অৱতৰণৰ সময়তে সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা। অজিত পাৱাৰ এন চি পিৰ জ্যেষ্ঠ নেতা তথা মহাৰাষ্ট্ৰ চৰকাৰৰ উপ-মুখ্যমন্ত্ৰী। তেওঁ শাৰদ পাৱাৰৰ ভতিজা আৰু শেহতীয়াকৈ দলৰ ভিতৰত বিভাজন হোৱাৰ পিছত নিজৰ ফৈদৰ নেতৃত্ব দি আহিছে। 

অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে প্ৰদান কৰা তথ্য অনুসৰি এই দুৰ্ঘটনাত আৰু ৪জন যাত্ৰীৰ মৃত্যু হৈছে। অজিত পাৱাৰৰ লগতে পাইলট আৰু তেওঁৰ সহকৰ্মীও এই দুৰ্ঘটনাত নিহত হৈছে। নিৰ্বাচনী প্ৰচাৰৰ বাবে বাৰামতীলৈ গৈছিল অজিত পাৱাৰ। জিলা পৰিষদ নিৰ্বাচনৰ সৈতে জড়িত অজিত পাৱাৰৰ কেইবাখনো বৈঠক বুধবাৰে বাৰামতীত অনুষ্ঠিত হোৱাৰ কথা আছিল। এখন জনসভাতো অংশ লোৱাৰ কথা আছিল অজিত পাৱাৰে।

প্ৰাথমিক খবৰ অনুসৰি অজিত পাৱাৰৰ বিমানখন অৱতৰণৰ সময়ত নিয়ন্ত্ৰণ হেৰুৱাই ক্ৰেচ লেণ্ডিং কৰিবলগীয়া হয়। বিমান দুৰ্ঘটনাৰ পিছতে জ্বলি ছাই হৈ যায় বিমানখন।

অজিত পাৱাৰৰ আকস্মিক মৃত্যুত দেশজুৰি শোকৰ ছাঁ পৰিছে। ৬৬ বছৰ বয়সত জীৱন নাট সামৰিলে অজিত পাৱাৰে। বিগত ৪০ বছৰে মহাৰাষ্ট্ৰৰ ৰাজনীতিত সক্ৰিয় হৈ আছিল অজিত পাৱাৰ। 

অজিত পাৱাৰৰ গৃহ জিলা মহাৰাষ্ট্ৰৰ বাৰামতী অঞ্চলত সংঘটিত হয় এই দুৰ্ঘটনা। বাৰামতী পুনে জিলাত আৰু এই বিমান বন্দৰটো সৰু সৰু বিমানৰ বাবে ব্যৱহাৰ কৰা হয়। অজিত পাৱাৰৰ বিমানখন মুম্বাইৰ পৰা বাৰামতীলৈ গৈ আছিল। মুম্বাইৰ পৰা পুৱা ৮.১০ বজাত ৰাওনা হৈছিল বিমানখন। প্ৰবল বৰষুণ বা অৱতৰণৰ সময়ত হোৱা কাৰিকৰী বিজুতিৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ।

 

উৎস: প্ৰাগ নিউজ ডিজিটেল

Share This