ত্রি-ভাষা নীতি প্ৰত্যাহাৰ কৰিলে মহাৰাষ্ট্ৰ চৰকাৰে

dainik janambhumi June 30, 2025

ডিজিটেল ডেস্কঃ বিৰোধী শিৱসেনা (উদ্ধৱ), মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনা, এন চি পি (শাৰদ)ৰ মাজত শেহতীয়াকৈ মাৰাঠী ভাষাৰ স্বাৰ্থত মহাৰাষ্ট্ৰত সৃষ্টি হোৱা নতুন ৰাজনৈতিক সমীকৰণৰ পাছতেই ৰাজ্যখনৰ বিজেপিৰ নেতৃত্বাধীন চৰকাৰখনে ত্রি-ভাষা নীতি কাৰ্যকৰী কৰাৰ কাৰণে জাৰি কৰা চৰকাৰী আদেশ দেওবাৰে প্ৰত্যাহাৰ কৰে। ৰাজ্যখনত বিৰোধী পক্ষই হিন্দী ভাষা জাপি দিয়াৰ অভিযোগ কৰাৰ সময়তে চৰকাৰে এই সিদ্ধান্ত লয়। চৰকাৰে এই সন্দৰ্ভত এখন কমিটী গঠনৰো সিদ্ধান্ত লয়।

উল্লেখযোগ্য যে চৰকাৰে যোৱা ১৬ আৰু ১৭ এপ্রিলত তিনিটা ভাষা নীতিৰ সন্দৰ্ভত এক চৰকাৰী আদেশ জাৰি কৰিছিল। ইয়াৰ অধীনত চলিত বছৰৰ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্রেণীলৈকে তৃতীয় ভাষা ৰূপে হিন্দী বাধ্যতামূলক কৰা হৈছিল। মুখ্যমন্ত্রী দেৱেন্দ্ৰ ফড়নৱিছ আৰু উপ-মুখ্যমন্ত্রীদ্বয়ে এখন সংবাদমেলত কয় যে তিনিটা ভাষাৰ নীতিক লৈ শিক্ষাবিদ নৰেন্দ্ৰ যাদৱৰ নেতৃত্বত এখন কমিটী গঠন কৰা হৈছে আৰু এই কমিটীৰ প্ৰতিবেদনৰ ভিত্তিত হিন্দীৰ ভূমিকাৰ সম্পর্কত চূড়ান্ত সিদ্ধান্ত লোৱা হ'ব। উল্লেখযোগ্য যে ৰাজ্যখনত তিনিটা ভাষা নীতিক বিৰোধী পক্ষই তীব্ৰ বিৰোধিতা কৰিছিল। ইয়াৰ বিৰোধিতা কৰি ৫ জুলাইত এখন সমাৱেশৰো আয়োজন কৰা হৈছিল।

এই সমাৱেশ বাতিল কৰাৰ কথা ঘোষণা কৰি ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা শিৱসেনাৰ (উদ্ধৱ) নেতা উদ্ধৱ থাকৰে আৰু এম এন এছৰ নেতা ৰাজ থাকৰেই কয় যে ৰাজ্যখনত হিন্দীক বলপূর্বক জাপি দিয়াৰ প্ৰচেষ্টা ব্যর্থ হয়। উল্লেখযোগ্য যে যোৱা ১৬ এপ্রিলত জাৰি কৰা চৰকাৰী নিৰ্দেশত প্ৰথমৰ পৰা পঞ্চম শ্ৰেণীলৈকে ছাত্র-ছাত্ৰীয়ে হিন্দীক তৃতীয় ভাষা ৰূপে লোৱাটো বাধ্যতামূলক কৰা হৈছিল। চৰকাৰৰ আদেশৰ তীব্ৰ বিৰোধিতাৰ পাছত চৰকাৰে এক সংশোধিত আদেশ জাৰি কৰে।

Share This