ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ চতৰা-লোনাণ্ড পথত চালপে গাঁৱৰ সমীপত শনিবাৰে মাজনিশা এখন টেম্প'ৰ ট্ৰাক এখনৰ সৈতে হোৱা মুখামুখি সংঘর্ষত কমেও তিনিজন লোকৰ মৃত্যু হয় আৰু আঠজন লোক আহত হয়।
প্রাথমিক তদন্ত কৰি আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, ট্রাকখনে দ্রুতবেগত আহি টেম্প'খনত প্রচণ্ড খুন্দা মাৰে।
টেম্প'খনত এদল তীর্থযাত্ৰীয়ে ঈশ্বালকৰনজীৰ পৰা উজ্জয়নীলৈ মন্দিৰ দৰ্শনৰ বাবে গৈ থাকোঁতে ট্রাকখনৰ সৈতে মুখামুখি সংঘর্ষ হয়।