ডিজিটেল ডেস্ক : পেলেষ্টাইনৰ সন্ত্রাসবাদী সংগঠন হামাছৰ বিৰুদ্ধে গৰজি উঠিছে পেলেষ্টাইনী কর্তৃপক্ষৰ ৰাষ্ট্ৰপতি মেহমুদ আব্বাছ। বুধবাৰে ৰামাল্লাত টেলিভিছত জনসাধাৰণক সম্বোধন কৰি দিয়া ভাষণত আব্বাছে হামাছৰ যুঁজাৰুসকলক 'কুকুৰৰ পুতেক' বুলি অভিহিত কৰে। ৰাষ্ট্ৰপতি আব্বাছে গাজাত হামাছে পণবন্দী কৰি ৰখা ইজৰাইলীসকলক অতি সোনকালে মুকলি কৰি দিয়াৰ দাবী জনায় আৰু হামাছক অস্ত্ৰ সম্বৰণ কৰিবলৈও আহ্বান জনায়।
গাজাত যুদ্ধখন দীঘলীয়া কৰি হামাছে ইজৰাইলক আক্ৰমণ কৰাৰ বাবে সুবিধা কৰি দিছে বুলি অভিযোগ কৰে। হামাছক উদ্দেশ্যি আব্বাছে কয়, 'কুকুৰৰ পুতেকহঁত, তোমালোকে ইজৰাইলী পণবন্দীসকলক মুকলি কৰি দিয়া আৰু তেওঁলোকক ন্যায় প্রদান কৰা।' আব্বাছে ক্ষোভ প্রকাশ কৰি কয় যে হামাছৰ বাবেই হাজাৰ হাজাৰ নিৰীহ পেলেষ্টাইনীক ইজৰাইলে হত্যা কৰাৰ সুযোগ পাইছে। হামাছৰ প্ৰতি পেলেষ্টাইনী শীর্ষ নেতাৰ এই ক্ষোভভৰা মন্তব্যই যথেষ্ট তাৎপর্য বহন কৰিছে।